তৃতীয়, চতুর্থ বৰ্গৰ নিযুক্তি পৰীক্ষাৰ বাবে সাজু বজালী জিলা প্ৰশাসন…

তৃতীয়, চতুর্থ বৰ্গৰ নিযুক্তি পৰীক্ষাৰ বাবে সাজু বজালী জিলা প্ৰশাসন…

author-image
asomiyapratidin
New Update
বকোত পুনৰ উত্তেজনা :অসমত মেঘালয়ৰ আৰক্ষীয়ে চাউনি পাতি সপ্তাহিক বজাৰ দখলৰ ষড়যন্ত্ৰ…

ডিজিটেল সংবাদ, বজালী : তৃতীয় আৰু চতুর্থ পৰ্যায়ৰ নিযুক্তি প্ৰক্ৰিয়াৰ লিখিত পৰীক্ষাৰ বাবে, সম্পূর্ণ ৰূপে সাজু বজালী জিলা প্ৰশাসন। আনন্দৰাম বৰুৱা একাডেমীৰ ১০০ টা শ্ৰেণীকোঠাত তিনি হাজাৰ প্ৰাৰ্থী অৱতীৰ্ণ হ'ব লিখিত পৰীক্ষাত।

সমগ্র ৰাজ্যৰ লগতে বজালী জিলাতো ২১ আগষ্টত ৯৪টা পৰীক্ষা কেন্দ্ৰত প্ৰায় ৩২ হাজাৰ প্ৰাৰ্থীয়ে লিখিত পৰীক্ষাত অৱতীৰ্ণ হ'ব । ইয়াৰ উপৰিও ২৮ আগষ্টত ৭৬ টা পৰীক্ষা কেন্দ্ৰত প্ৰায় ৩২ হাজাৰ প্ৰাৰ্থী অৱতীৰ্ণ হ'ব। ইতিমধ্যে লিখিত পৰীক্ষাৰ বাবে জিলা প্ৰশাসনে সকলো প্ৰস্তুতি সম্পূর্ণ কৰি তুলিছে।

ইপিনে জিলাখনৰ ভিতৰতে সৰ্ববৃহৎ পৰীক্ষা কেন্দ্ৰ আনন্দৰাম বৰুৱা একাডেমীত কাইলৈ ৩ হাজাৰ প্ৰাৰ্থীয়ে পৰীক্ষা দিব পৰাকৈ ১০০ টা শ্ৰেণীকোঠা সম্পূৰ্ণ ৰূপে সাজু কৰি তোলা হৈছে।

assam himanta biswa sarma Assam police