/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/bojaliiii.jpg)
ডিজিটেল সংবাদ, বজালী : বজালী অঞ্চলত সঘনাই বিদ্যুতৰ লুকা ভাকুত বৰ্তমান সময়ত সমগ্ৰ বজালী অঞ্চলৰ ৰাইজ অতিষ্ঠ হৈ পৰিছে। তাৰেই প্ৰেক্ষাপটত শনিবাৰে পাঠশালা আঞ্চলিক ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি ধৃতিৰাজ তালুকদাৰৰ নেতৃত্বত এটি সজাটী দলে পাঠশালা বিদ্যুৎ উপ সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তাক এখন স্মাৰক পত্ৰ প্ৰদান কৰে ।
উক্ত স্মাৰক পত্ৰখনৰ জৰিয়তে কয় যে এজাক বতাহ বৰষুণ আহিলেই বিদ্যুৎ কৰ্তন কৰা, সঘনাই হৈ থকা বিদ্যুৎৰ লুকা ভাকু, পুৰণি বিদ্যু্তৰ তাৰ সমূহ সলনি কৰা ইত্যাদি কেবাটাও সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত দাবী জনাই। লগতে পাঠশালা আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি ধৃতিৰাজ তালুকদাৰে কয় যে যি সময়ত প্ৰধানমন্ত্ৰী মোডী শাসনাধীন বিজেপি চৰকাৰ খনে ২৪ ঘণ্টাই বিদ্যুৎ যোগানৰ প্ৰতিশ্ৰুতি দি চৰকাৰ গঠন কৰিছিল সেই সময়ত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে বজালীৰ পাঠশালা, নিত্যানন্দত সঘনাই হোবা বিদ্যুৎ কৰ্তনক লৈ চৰকাৰ খনে ৰাইজক দিয়া প্ৰতিশ্ৰুতিত সম্পূৰ্ণ ব্যৰ্থ হোবা বুলি কটাক্ষ কৰে।
অতি শীঘ্ৰে সমস্যা সমাধান কৰাৰ দাবী জনোৱাৰ লগতে ৰাইজৰ সহযোগত তীব্ৰ প্ৰতিবাদৰ হুংকাৰ দিয়ে । কেৱল মাত্ৰ বজালী অঞ্চলতে নহয় সমগ্ৰ অসমতে বিদ্যুৎ বিভাগৰ কাম কৰা ব্যক্তিৰ সংখ্যা কম হোৱাটোৱে বিদ্যুৎ বিভাগৰ পয়ালগা অৱস্থাৰ প্ৰমাণ কৰিছে ।
এই ক্ষেত্ৰত চৰকাৰক দৃষ্টি আৰোপ কৰিবলৈ দাবী জনায় । উল্লেখযোগ্য যে স্মাৰক পত্ৰ প্ৰেৰণ কৰিবলৈ যাওঁতে সজাতি দলটোত পাঠশালা আঞ্চলিক ছাত্ৰ সন্থাৰ সম্পাদক লাকি মেধী, উপ সভাপতি সীমান্ত মেধি , সহকাৰী সাধাৰণ সম্পাদক মন্দীপ পাটগীৰি, সীমান্ত কাকতি, ছাত্ৰ নেতা বিজিত তালুকদাৰ, অংকুৰ কলিতা, লগতে ভট্টদেৱ বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক দেৱৰ্ষি মেধিৰ লগতে কেবাজনো আছু নেতা উপস্থিত থাকে।
আৰু পঢ়ক: তৃতীয়-চতুৰ্থ বৰ্গৰ চাকৰিৰ বাবে ইন্টাৰনেট সেৱা বাতিলৰ সিদ্ধান্তক লৈ তীব্ৰ প্ৰতিক্ৰিয়া