/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/1fa163fb-133b-4f6f-a408-b4225c8b4c2d/boishagu.jpg)
ডিজিটেল সংবাদ, চিৰাং : চিৰাং জিলাৰ অন্তৰ্গত ৰুনিখাটা বৈগ্ৰিবাৰী গাওঁ সমিতিয়ে আন বছৰৰ দৰে এই বছৰটোও দুদিনীয়া কাৰ্যসূচীৰে বৈগ্ৰিবাৰী সমিতিৰ উদ্যোগত ১৯ তম ৰংজালি বৈশাগু উৎসৱটি বাথৌ থানসালিৰ প্ৰাঙ্গণত উদযাপন কৰিছে। কাৰ্যসূচী অনুসৰি পুৱা পতাকা উত্তোলন কৰে বৈগ্ৰিবাৰী গাঁৱৰ গাওবুড়া লবেন বৰগয়াৰীয়ে।
ইয়াৰ পাছতে ছহিদসকললৈ মল্যাৰ্পন কৰে আশ্ৰাবাৰী ভিচিডিচিৰ অধ্যক্ষ উখুন্দৈ বৰগয়াৰীয়ে । ৰংজালি বৈশাগু উৎসৱটিক আদৰণিৰে বাথৌ থানসালিত শান্তি-সম্প্ৰতিৰ বাবে বাথৌ প্ৰাৰ্থনা কাৰ্যসূচী লয় ।
১৪ আৰু ১৫ এপ্ৰিলত দুদিনীয়া কাৰ্যসূচীৰে বৈগ্ৰিবাৰী গাওঁ সমিতিৰ উদ্যোগত উদযাপন কৰা ১৯ তম ৰংজালি বৈশাগুউৎসৱৰ সংগতি ৰাখি কণ-কণ শিশুসকলৰ মাজত সাহিত্য প্ৰতিযোগিতা ,সংগীত চকী, ভেকুলী জাপ, পুৰুষ- মহিলাৰ ৰছী টনা, বৈশাগু নৃত্য বিভিন্ন কাৰ্যসূচীৰ লগতে জ্যেষ্ঠসকলক মান ধৰে।
কাৰ্যসূচীত অংশগ্ৰহণ কৰি বৈগ্ৰিবাৰী গাঁৱৰ গাওবুড়া লবেন বৰগয়াৰীয়ে কয় যে অসম চৰকাৰে প্ৰতিটো বিহু উদযাপন সমিতিবোৰলৈ বিহুৰ বাবে ১ লাখ ৫০ হাজাৰ টকা আৰ্থিক সাহাৰ্য আগবঢ়াই আহিছে যদিও বৈগ্ৰিবাৰী গাঁৱে ১৯ বছৰে আজিলৈ এটকাও পইচা পোৱা নাই বুলি আক্ষেপ প্ৰকাশ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/083a2b1b-ffb9-4474-8fce-b7c852fed198/62ff8f41_9af0_4081_9766_a9d411cfc2b2.jpg)
Also Read: উৰিয়াগাঁও খেলপথাৰ উন্নয়নৰ সাহাৰ্যাৰ্থে আজিৰে পৰা আৰম্ভ হুঁচৰি পৰিৱেশন