আজি পহিলা ব’হাগ…

আজি পহিলা ব’হাগ…

ডিজিটেল ডেস্ক: আজি অসমীয়া নৱবৰ্ষৰ প্ৰথমটো দিন । আজি পহিলা ব'হাগ। পহিলা ব'হাগৰ দিনটো মানুহ বিহু হিচাপে ৰাজ্যবাসীয়ে পালন কৰে । গৰু বিহুৰ পিছদিনা উদযাপন কৰা হয় মানুহ বিহু ।

পহিলা ব'হাগ বা মানুহ বিহু উপলক্ষে পুৱা মাহ-হালধিৰে গা-পা ধুই সৰুৱে ডাঙৰক সেৱা কৰে। ডাঙৰে সৰুক আশীৰ্বাদ দিয়াৰ উপৰিও বিহুৱান প্ৰদান কৰে । নতুন বছৰ উপলক্ষে আত্মীয়-স্বজন আৰু বন্ধু-বান্ধৱৰ মাজত বিহুৱান প্ৰদান কৰা হয় ।

এতিয়া ৰঙালীৰ ৰঙত মতলীয়া ৰাজ্যবাসী। ঢোল-পেঁপাৰ মাতত ৰজনজনাইছে অসমভূমি। অসমীয়া প্ৰতিদিন ডিজিটেলৰ তৰফৰ পৰাও আপোনালোকলৈ অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহুৰ শুভেচ্ছা।

আজি পহিলা ব’হাগ…
বৰমাত চড়ক পূজা পালন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in