বঙাইগাঁও শোধনাগাৰৰ নাম সলনি কৰি বড়োলেণ্ড শোধনাগাৰ নামাকৰণ কৰাৰ দাবী এবছুৰ…

বঙাইগাঁও শোধনাগাৰৰ নাম সলনি কৰি বড়োলেণ্ড শোধনাগাৰ নামাকৰণ কৰাৰ দাবী এবছুৰ…

author-image
asomiyapratidin
New Update
বঙাইগাঁও শোধনাগাৰৰ নাম সলনি কৰি বড়োলেণ্ড শোধনাগাৰ নামাকৰণ কৰাৰ দাবী এবছুৰ…

ডিজিটেল সংবাদ, চিৰাং: চিৰাঙৰ ঢালিগাঁওস্থিত ভাৰতীয় তেল নিগমৰ অধীনস্থ বঙাইগাঁও শোধনাগাৰৰ নাম পৰিবৰ্তন কৰি বড়োলেণ্ড শোধনাগাৰ নামাকৰণ কৰা, বঙাইগাঁও শোধনাগাৰত স্থানীয় শিক্ষক নিবনুৱা যুৱক যুৱতীৰ বাবে চাকৰি সংৰক্ষণৰ ব্যবস্থা কৰা আদি কৰি চাৰিদফীয়া দাবী লৈ নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুৰ কেন্দ্ৰীয় সভাপতি দ্বীপেন বড়ো আৰু সাধাৰণ সম্পাদক খনিন্দ্ৰ বসুমতাৰীৰ নেতৃত্বত এটা সজাঁতি দলে বঙাইগাঁও শোধনাগাৰ কতৃপক্ষৰ সৈতে বৈঠকত মিলিত হয় ।

Advertisment

বঙাইগাঁও শোধনাগাৰৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত বৈঠকত বঙাইগাঁও শোধনাগাৰৰ কতৃপক্ষৰ হৈ বৈঠকত অংশগ্ৰহণ কৰে মুখ্য মহাপ্ৰৱন্ধক নয়ন কুমাৰ বৰুৱাসহ অন্যান্য শীৰ্ষ বিষয়া সকলে । বৈঠকৰ অন্তত নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি দ্বীপেন বড়োই সংবাদ মাধ্যমৰ আগত বঙাইগাঁও শোধনাগাৰৰ নতুন নামকৰণ সন্দৰ্ভত কয় যে ,যিহেতু পূৰ্বৰ বিআৰপিল বঙাইগাঁও শোধনাগাৰ বিটিআৰৰ চিৰাং জিলাত পৰিছে অৰ্থাৎ বড়োলেণ্ড এলেকাত অধীনত আছে যাৰ বাবে বড়োলেণ্ডৰ প্ৰতি সন্মান জনাই ভাৰতীয় তেল নিগমৰ অধীনস্থ এই বঙাইগাঁও শোধনাগাৰৰ নাম পৰিৱৰ্তন কৰি বড়োলেণ্ড শোধনাগাৰ নামাকৰণ কৰাৰ বাবে নিখিল বড়ো ছাত্ৰ সন্থাৰ পৰা দাবী উত্থাপন কৰিছে লগতে বঙাইগাঁও শোধনাগাৰত কৰ্মচাৰীৰ নিয়োগ ব্যৱস্থা যিহেতু ৰাষ্ট্ৰীয় পৰ্যায়ত অনলাইন যোগে হয়, সেই বাবে এই অঞ্চলটোৰ স্থানীয় শিক্ষক নিবনুৱা যুৱক যুৱতী সকলে সেই চাকৰিৰ বঞ্চিত হ'ব লগা হয় যাৰ বাবে চতুৰ্থ বৰ্গৰ  চাকৰিৰ পদ সমূহ স্থানীয় শিক্ষিত নিবনুৱা যুৱক যুৱতীসকলৰ সংৰক্ষণৰ ব্যৱস্থা কৰাৰ দাবী উত্থাপন কৰিছে।

লগতে বঙাইগাঁও শোধনাগাৰৰ ঔদ্যোগিক সামাজিক দায়বদ্ধতা ৰ নামত আবণ্টিত ধন ক'ত আৰু কোনে কেনেকৈ ব্যৱহাৰ কৰি আছে তাৰ সঠিক তথ্য ৰাজহুৱা কৰিব লাগে আৰু আগলৈ বঙাইগাঁও শোধনাগাৰৰ উত্তৰ দিশত নতুনকৈ  পৰিবৰ্দ্ধনৰ কথা চলি আছে । সেইক্ষেত্ৰত জমি অধিগ্ৰহন কৰিব যাওঁতে যুগ যুগ ধৰি  অঞ্চলটোত বসবাস বিশেষকৈ জনজাতি আৰু অজনজাতি লোক সকলে যাতে কোনো কাৰনতে গৃহহীন হ'ব লগা পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিবলৈ শোধনাগাৰ কৰ্তৃপক্ষক অনুৰোধ জনোৱা হয় । কাৰণ ভাৰতীয় তেল নিগমৰ অধীনস্থ বঙাইগাঁও ভাৰতীয় তেল নিগমৰ অধীনস্থ বঙাইগাঁও শোধনাগাৰৰ উন্নতিৰ বিৰোধীতা এবছুৱে কেতিয়াও নকৰে বুলি উল্লেখ কৰে ।বঙাইগাঁও শোধনাগাৰৰ নাম সলনি কৰাৰ লগে লগে কোকৰাঝাৰ জিলাৰ ছালাকাটি স্থিত এনটিপিচি ৰ বঙাইগাঁও তাপবিদ্যুৎ প্ৰকল্পৰ নাম সলনি কৰাৰ প্ৰসংগ সন্দৰ্ভতো এবছুৰ সভাপতি প্ৰমোদ বড়োই গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়।

আৰু পঢ়ক:ছাত্ৰীক গালি পৰাটোৱেই হ'ল কালঃ শিক্ষানুষ্ঠানৰ ভিতৰত শিক্ষয়ত্ৰীক উলংগ কৰি প্ৰহাৰ, ৩৫ জনৰ বিৰুদ্ধে গোচৰ ৰুজু….

assam bogaigaon