ছাত্ৰীক গালি পৰাটোৱেই হ’ল কালঃ শিক্ষানুষ্ঠানৰ ভিতৰত শিক্ষয়ত্ৰীক উলংগ কৰি প্ৰহাৰ, ৩৫ জনৰ বিৰুদ্ধে গোচৰ ৰুজু….

ছাত্ৰীক গালি পৰাটোৱেই হ’ল কালঃ শিক্ষানুষ্ঠানৰ ভিতৰত শিক্ষয়ত্ৰীক উলংগ কৰি প্ৰহাৰ, ৩৫ জনৰ বিৰুদ্ধে গোচৰ ৰুজু….

ডিজিটেল ডেস্কঃ শিক্ষাৰ্থীক গালি দিয়াৰ বাবেই এগৰাকী শিক্ষয়ত্ৰীক শিক্ষানুষ্ঠানৰ ভিতৰত প্ৰহাৰ কৰাৰ লগতে বিবস্ত্ৰ কৰিলে এক বিশেষ সম্প্ৰদায়ৰ লোক। এই ঘটনা সংঘটিত হৈছে পশ্চিমবংগৰ দক্ষিণ দিনাজপুৰত। এগৰাকী ছাত্ৰীক গালি পৰাৰ বাবেই এদল মানুহে শিক্ষয়ত্ৰীগৰাকীক শাৰীৰিক ভাৱে প্ৰহাৰ কৰি বিবস্ত্ৰ কৰা ঘটনাৰ পিছতেই আৰক্ষীয়ে মুঠ ৩৫ জন লোকৰ বৰুিদ্ধে এজাহাৰ পঞ্জীয়ন কৰিছে আৰু বৰ্তমানলৈকে ৪ জন লোকক গ্ৰেপ্তাৰ কৰিছে।

ত্ৰিমোহিনী প্ৰতাপ চন্দ্ৰ উচ্চ বিদ্যালয়ৰ নৱম শ্ৰেণীৰ সংখ্যালঘু সম্প্ৰদায়ৰ ছাত্ৰীগৰাকীক গালি পৰাৰ বাবেই পৰিয়ালৰ লোকে আন বহু কেইজন লোকৰ সহযোগত বিদ্যালয়ত প্ৰৱেশ কৰে আৰু শিক্ষয়ত্ৰীগৰাকীক প্ৰহাৰ কৰি বিবস্ত্ৰ কৰে। শিক্ষয়ত্ৰীক এইদৰে প্ৰহাৰ কৰি বিবস্ত্ৰ কৰা ঘটনা হিলি আৰক্ষী থানা অঞ্চলৰ ত্ৰি

ঘটনা সন্দৰ্ভত অৱগত হোৱাৰ পিছতে স্থানীয় আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু পৰিস্থিতি কিছু শান্ত কৰে। শিক্ষয়ত্ৰীগৰাকীক উলংগ কৰি প্ৰহাৰ কৰাৰ এই ঘটনাই সমগ্ৰ অঞ্চলটোত প্ৰতিবাদৰ সৃষ্টি কৰে। ফলত তেওঁলোকে পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। অপৰাধীক কৰায়ত্ত কৰি ব্যৱস্থা গ্ৰহণৰো দাবী উত্থাপন কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in