/asomiyapratidin/media/media_files/2025/04/03/AFeWMKE47dcBgOQL4smS.jpg)
সন্ধানহীন যুৱকৰ মৃতদেহ উদ্ধাৰ
ডিজিটেল সংবাদ, খেৰণি: পশ্চিম কাৰ্বি আংলঙৰ পানীমূৰ বনভোজস্থলীত সন্ধানহীন হোৱা যুৱকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। বুধবাৰে পানীমূৰ নদীত গা ধুবলৈ গৈ সন্ধানহীন হৈছিল আনিশ ছেত্ৰী নামৰ যুৱকজন। ২৪ ঘণ্টাৰ অন্তত এছডিআৰএফ আৰু এনডিআৰএফ দলৰ অভিযানত উদ্ধাৰ হয় আনিশৰ মৃতদেহ।
ঘটনাৰ পাছতেই শোকাকূল পৰিৱেশে বিৰাজ কৰে সমগ্ৰ অঞ্চলটোত। উল্লেখযোগ্য যে, খেৰণি চাৰিআলি আদৰ্শ জুনিয়ৰ কলেজৰ একাদশ শ্ৰেণীৰ ছাত্ৰ আছিল আনিশ। হাৱাইপুৰৰ দীখলেম আৰু খেৰলাজান গাঁৱৰ পৰা দুই যুৱতীসহ পাঁচ যুৱকে স্কুটি আৰু বাইকেৰে পুৱাৰ ভাগত গৈছিল পানীমূৰ বনভোজস্থলীলৈ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us