ধনশ্ৰী নদীত উদ্ধাৰ পুৰুষ আৰু মহিলাৰ মৃতদেহ

ধনশ্ৰী নদী পাৰ হওঁতেই অঘটন

author-image
Asomiya Pratidin
New Update
ধনশ্ৰী নদীত উদ্ধাৰ পুৰুষ আৰু মহিলাৰ মৃতদেহ

DHANSREE DHANSREE

ডিজিটেল সংবাদ ওৰাংঃ মাজবাটৰ লালপানীৰ ধনশ্ৰী নদীত পুৰুষ আৰু মহিলাৰ মৃতদেহ উদ্ধাৰ। মাজবাটৰ অসম অৰুণাচল সিমান্তৰ লালপানীত ধনশ্ৰী নদীত এজন পুৰুষ আৰু এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ কৰে লালপানী আৰক্ষীয়ে।

Advertisment

জানিব পৰা মতে মাজবাটৰ দলনি বস্তিৰ জিতেন গৌড় (৫০) আৰু শান্তি গৌড় (৪০) এ বুধবাৰে ৰাতিপুৱা চিকাৰীডাংগা অঞ্চলত ‌বজাৰ কৰিবলৈ গৈ সন্ধিয়ালৈকে ঘৰলৈ উভতি নহাত ঘৰৰ লোকসকলে ওচৰে পাঁজৰে বিচাৰ কৰে যদিও গিৰিয়েক ঘৈনিয়েক দুজনক বিচাৰি নাপাই। বৃহস্পতিবাৰে দম্পতি হালৰ মৃতদেহ চিকাৰি ডাংগাৰ কাষত অসম অৰুণাচল সিমান্তৰ ধনশ্ৰী নদীত স্থানীয় লোকসকলে প্ৰত্যক্ষ কৰে।

মৃতদেহ প্ৰত্যক্ষ কৰি লালপানী আৰক্ষী চকীত খবৰ দিয়ে স্থানীয় লোকসকলে। লালপানী আৰক্ষী চকীৰ এছ আই ৰাজীৱ গোঁহাইয়ে উক্ত স্থানত উপস্থিত হৈ দুয়োৰে মৃতদেহ ছমজি লৈ মাজবাট আৰক্ষী থানালৈ লৈ আনি মাজবাট খণ্ড উন্নয়ন বিষয়া চম্পক শৰ্মাৰ উপস্থিতিত ১০৩/২২ নম্বৰত গোচৰ ৰুজু কৰি মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে ওদালগুৰিলৈ প্ৰেৰণ কৰে।

মাজবাট আৰক্ষীয়ে জানিবলৈ দিয়ে দম্পতি হালে একেলগে ধনশ্ৰী নদী পাৰ হওঁতেই নদী প্রৱল সোঁতত উটি গৈ মৃত্যু হয়।

assam orang DHANSREE RIVER