কচুৱাত উদ্ধাৰ যুৱকৰ মৃতদেহ...

কচুৱাৰ লুটুমাৰী বজাৰত চাঞ্চল্যকৰ ঘটনা। দেওবাৰে পুৱতি নিশা কচুৱাৰ লুটুমাৰী বজাৰত উদ্ধাৰ এজন যুৱকৰ মৃতদেহ ।

author-image
Asomiya Pratidin
New Update
কচুৱাত উদ্ধাৰ যুৱকৰ মৃতদেহ...

ডিজিটেল সংবাদ, কচুৱাঃ কচুৱাৰ লুটুমাৰী বজাৰত চাঞ্চল্যকৰ ঘটনা। দেওবাৰে পুৱতি নিশা কচুৱাৰ লুটুমাৰী বজাৰত উদ্ধাৰ এজন যুৱকৰ মৃতদেহ । নিজৰ বাহনৰ ভিতৰতে পৰিয়ালৰ লোকে উদ্ধাৰ কৰিছে যুৱকৰ মৃতদেহ । যুৱক জনৰ নাম ৰাহুল বৰদলৈ বুলি জানিব পৰা গৈছে । যুৱকজনক হত্যা কৰি থৈ যোৱাৰ সন্দেহ স্থানীয়লোকৰ।

Advertisment

কচুৱা লুটুমাৰীত চলি থকা আনন্দমেলা চাই নিশা ঘৰলৈ ওভতাৰ পথত এই ঘটনা সংঘটিত হোৱা বুলি অভিযোগ কৰিছে ৰাইজে । আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰিছে । মৃত যুৱকজন লংজাপ পঞ্চায়তৰ প্ৰাক্তন কাউঞ্চিলাৰ বিৰেন বৰদলৈৰ পুত্ৰ ৰাহুল বৰদলৈ।

Also Read: জামুগুৰিহাটত চাঞ্চল্য, ডেগাৰ দেখুৱাই ডকাইটৰ দলে লুটি নিলে সোণৰ অলংকাৰ...

youth dead