/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/7e5a122c-5033-47d7-a27d-2fa0d162ee84/390.jpg)
ডিজিটেল সংবাদ,তামুলপুৰ : তামুলপুৰ জিলাৰ ভাৰত-ভূটান সীমান্তৰ দৰঙামেলা, কুমাৰীকাটা আদি অঞ্চলৰ পৰা উদ্ধাৰ কৰা হৈছে ২১ গৰাকী শিশু শ্ৰমিক। ACRD নামৰ স্বেচ্ছাসেৱী সংস্থাটোৰ লগতে সমাজকল্যাণ বিভাগ, শ্ৰমিক বিভাগ, শিশু সুৰক্ষা কমিটি, জিলা শিশু সুৰক্ষা আয়োগৰ যৌথ অভিযান তথা তামুলপুৰ জিলা প্ৰশাসনৰ সহযোগত ২১ গৰাকী শিশু শ্ৰমিকক উদ্ধাৰ কৰা হয়।
তামুলপুৰৰ সংহত শিশু বিভাগ প্ৰকল্পলৈ উদ্ধাৰ কৰা শিশু শ্ৰমিকসকলক লৈ আহে। তাৰ পাছতেই শিশুসকলক অভিভাৱকৰ হাতত চমজাই দিয়াৰ ব্যৱস্থা কৰে। আজি উদ্ধাৰ কৰা শিশুসকল বিশেষকৈ গাড়ীৰ গেৰেজ, হোটেল আদিত কৰ্মৰত হৈ আছিল।
উক্ত শিশু শ্ৰমিকসকলক কামত ব্যৱহাৰ কৰা গেৰেজ বা হোটেল আদিৰ প্ৰতিষ্ঠানৰ গৰাকীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিব বুলিও স্বেচ্ছাসেৱী সংস্থাটোৰ বিষয়ববীয়াই জানিবলৈ দিয়ে।
Also Read: কেৰালা আন্তঃৰাষ্ট্ৰীয় তথ্যচিত্ৰ আৰু চুটি ছবি মহোৎসৱলৈ নিৰ্বাচিত ‘জ্যোতি ককাইদেউ’