ডিজিটেল সংবাদ,চিৰাং: বিজেপি চৰকাৰৰ শ্ৰমিক-কৃষক তথা জনবিৰোধী নীতি আৰু সাম্প্ৰদায়িক ৰাজনীতিৰ বিৰুদ্ধে শ্ৰমিক সংগঠন চিটু, নিখিল ভাৰত কৃষক সভা বঙাইগাঁও-চিৰাং জিলা সমিতিৰ উদ্যোগত আৰু বঙাইগাঁও শোধনাগাৰ সংযুক্ত শ্ৰমিক সমন্বয়ৰক্ষী সমিতিৰ সহযোগত প্ৰায় কেইবা শতাধিক শ্ৰমিকৰ উপস্থিতিত চিৰাং জিলাৰ ঢালিগাঁওস্থিত বঙাইগাঁও শোধনাগাৰৰ মুখ্য প্ৰৱেশদ্বাৰৰ সন্মুখত ডেৰ ঘন্টীয়া মহাবিক্ষোভ কাৰ্য্যসূচী ৰূপায়ন কৰা হয়।
প্ৰতিবাদী শ্ৰমিকসকলে হাতে হাতে বিভিন্ন শ্লোগান সম্বলিত প্লে-কাৰ্ড আৰু পতাকা লৈ প্ৰতিবাদস্থলী উত্তাল কৰি তোলে। আজিৰ এই বামপন্থী শ্ৰমিক তথা কৃষক সংগঠনৰ মহাবিক্ষোভ কাৰ্য্যসূচীত বঙাইগাঁও-চিৰাং জিলা চিটুৰ সভাপতি হৰেশ্বৰ দাস, সদৌ অসম কৃষক সভাৰ সাধাৰণ সম্পাদক গজেন বৰ্মনে ভাষনত ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ শ্ৰমিক আৰু কৃষক বিৰোধী নীতি আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সাম্প্ৰদায়িক ৰাজনীতিৰ কথা উল্লেখ কৰি তীব্ৰ সমালোচনা কৰে।
তেওঁলোকে আন্দোলন অবিহনে নৰেন্দ্ৰ মোদী চৰকাৰে জনবিৰোধী নীতি কেতিয়াও বন্ধ নকৰে বুলিও কটাক্ষ কৰে। ইয়াৰ উদাহৰণ হিচাপে নতুন দিল্লীত কৃষক সকলৰ ধাৰাবাহিক গণতান্ত্ৰিক আন্দোলনৰ বাবে পিছলৈ বাধ্য হৈ কেন্দ্ৰীয় চৰকাৰ কৃষক বিৰোধী অধ্যাদেশ বাতিল কৰাৰ কথা উল্লেখ কৰে।
সেয়ে তেওঁলোকে শ্ৰমজীৱি শ্ৰমিক আৰু কৃষকসকলে নিজৰ অধিকাৰ সাব্যস্ত কৰিবলৈ গণতান্ত্ৰিক আন্দোলন কৰিবই লাগিব বুলি উপস্থিত জনসাধাৰণ তথা শ্ৰমিক সকলক আহ্বান জনায়। আজিৰ এই মহাবিক্ষোভ কাৰ্য্যসূচীৰ জৰিয়তে ভাৰতীয় তেল নিগম চমুকৈ আইঅ'চিএলৰ থলুৱা শ্ৰমিক বিৰোধী নীতিৰ বিৰুদ্ধেও সবল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে।
উল্লেখ্য যে ভাৰতীয় তেল নিগমৰ অধীনস্থ বঙাইগাঁও শোধনাগাৰ কৰ্তৃপক্ষই শ্ৰমিক বিৰোধী নীতিৰ বিৰুদ্ধে যোৱা কেইবা মাহ ধৰি বঙাইগাঁও ৰিফাইনেৰী সংযুক্ত শ্ৰমিক সমন্বয়ৰক্ষী সমিতিয়ে গণতান্ত্ৰিক আন্দোলন চলাই আছে। শ্ৰমিক সংগঠনসমূহৰ অভিযোগ ভাৰতীয় তেল নিগমৰ অধীনস্থ উত্তৰ পূৰ্বাঞ্চলৰ অন্যান্য শোধনাগাৰ বা প্ৰকল্পৰ লগতে বঙাইগাঁও শোধনাগাৰতো একাংশ ঠিকাদাৰৰ সৈতে মিতিৰালি কৰি বঙাইগাঁও শোধনাগাৰ কৰ্তৃপক্ষই শ্ৰমিক বিৰোধী স্থিতি গ্ৰহণ কৰি ১২ জনকৈ শ্ৰমিকক ছাটাই কৰিছিল।
আজিৰ এই মহাবিক্ষোভ কাৰ্য্যসূচীত আইঅ'চিএল কৰ্তৃপক্ষৰ দ্বাৰা থলুৱা শ্ৰমিকক ছাটাই কৰা বিষয়টো বিশেষ ভাবে গুৰুত্ব আৰোপ কৰা হয়। কৰ্প'ৰেট তথা পুঁজিপতি সকলোৰ শ্ৰমিক বিৰোধী নীতি বাতিল কৰা আৰু কেন্দ্ৰীয় চৰকাৰৰ কৃষক বিৰোধী আইন শুধৰণি কৰা আৰু সাধাৰণ জনতাক মাধমাৰ শোধোৱা বিদ্যুত বিভাগৰ স্মাৰ্ট মিটাৰ আদি বাতিল নকৰা পৰ্যন্ত শ্ৰমিক সংগঠন চিটুৰ লগতে সহযোগী শ্ৰমিক, কৃষক সংগঠনৰ প্ৰতিবাদী আন্দোলন চলিয়েই থাকিব বুলি আন্দোলনকাৰী নেতা সকলে ঘোষণা কৰে।
ইয়াৰ মাজতেই বঙাইগাঁও শোধনাগাৰ সংযুক্ত শ্ৰমিক সমন্বয়কৰক্ষী সমিতিয়ে বঙাইগাঁও শোধনাগাৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে শ্ৰমিক বিৰোধী স্থিতি সলনি নকৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত কৰে। শ্ৰমিক ছাটাইৰ সমস্যা সমাধান কৰাৰ বাবে বঙাইগাঁও শোধনাগাৰ কৰ্তৃপক্ষ আৰু শ্ৰমিক সংগঠনক লৈ ৰাজ্যৰ শ্ৰম আয়োগ সৈতে বৈঠক অনুষ্ঠিত হৈছিল. কিন্তু তাৰ পিছতো বঙাইগাঁও শোধনাগাৰ কৰ্তৃপক্ষই এইক্ষেত্ৰত কোনো গুৰুত্ব আৰোপ কৰা নাই।
বঙাইগাঁও শোধনাগাৰ কৰ্তৃপক্ষই এতিয়াও শ্ৰমিক বিৰোধী নীতি বাহাল ৰখাৰ বাবে বঙাইগাঁও শোধনাগাৰ কৰ্তৃপক্ষক আজি কঠোৰ সকিয়নি প্ৰদান কৰি কয় যে, শ্ৰমিকসকলৰ দাবী পূৰণ নকৰিলে বুধবাৰে পুৱাৰ পৰা বঙাইগাঁও শোধনাগাৰত শ্ৰমিকসকলে কৰ্মবিৰতি কাৰ্য্যসূচী পালন কৰাৰ হুংকাৰ প্ৰদান কৰে বঙাইগাঁও শোধনাগাৰ সংযুক্ত শ্ৰমিক সমন্বয়ৰক্ষী সমিতিৰ সাধাৰণ সম্পাদক দিলীপ ৰায়ে।