ইউপিপিএলৰ কেন্দ্ৰীয় মহিলা কোষৰ উদ্যোগত মহিলা নেতৃত্ব সন্মিলন

ইউপিপিএলৰ কেন্দ্ৰীয় মহিলা কোষৰ উদ্যোগত মহিলা নেতৃত্ব সন্মিলন

ডিজিটেল সংবাদ,চিৰাং : আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বিটিচিৰ শাসকীয় দল পূৰ্বতকৈ অধিক তৎপৰ হোৱা পৰিলক্ষিত হৈছে। বৃহস্পতিবাৰে চিৰাং জিলা সদৰ কাজলগাঁৱত ইউপিপিএলৰ কেন্দ্ৰীয় মহিলা কোষৰ উদ্যোগত কোকৰাঝাৰ লোকসভা ভিত্তিত দলীয় নেতৃত্ব সন্মিলন অনুষ্ঠিত হয়।

কোকৰাঝাৰ লোকসভা সমষ্টিৰ অন্তৰ্গত ইউপিপিএল দলৰ মহিলা কোষৰ বিভিন্ন জিলা, ব্লক আৰু প্ৰাইমাৰী সমিতিৰ পৰা সহস্ৰাধিক মহিলা নেতা কৰ্মীয়ে অংশগ্ৰহণ কৰা সভাৰ সভাপতিত্ব কৰে কেন্দ্ৰীয় মহিলা কোষৰ সভানেত্ৰী প্ৰতিভা ৰাণী ব্ৰহ্মই । দলীয় নেত্ৰী মুৰ্শিদা বেগমে আঁত ধৰা আজিৰ এই মহিলা নেতৃত্ব সন্মিলনত ইউপিপিএল দলৰ কেন্দ্ৰীয় সম্পাদক তথা পাৰিষদ মাধৱ ছেত্ৰীয়ে নিজৰ ভাষণত কয়- বৰ্তমান কেন্দ্ৰ, ৰাজ্য লগতে বিটিআৰত যিমান উন্নয়নমূলক আঁচনি চলি আছে তাৰে অধিকাংশ আচঁনিৰ হিতাধিকাৰী হৈছে আমাৰ মহিলাসকল।

বিগত নিৰ্বাচনসমূহত মহিলাসকলৰ ভূমিকা বিশেষভাৱে বিবেচিত হৈছে। তেনেক্ষেত্ৰত আগন্তুক লোকসভা নিৰ্বাচনত ইউপিপিএল দলক অধিক উজ্জীৱিত কৰিবলৈ দলৰ নাৰীশক্তি সক্ৰিয়তাৰে কাম কৰাৰ সময় আহি পৰিছে। সেয়ে মহিলা কোষৰ নেতা কৰ্মীসকলক ইউপিপিএল দল তথা চৰকাৰৰ প্ৰতি আকৰ্ষিত কৰিবলৈ ৰাইজৰ মাজত গৈ কেন্দ্ৰীয় চৰকাৰৰ লগতে ৰাজ্য লগতে আমাৰ বিটিআৰ প্ৰশাসনৰ বিভিন্ন কল্যাণমূলক আচঁনিৰ কথা ৰাইজক অৱগত কৰিব লাগিব বুলি পৰামৰ্শ আগবঢ়ায় ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মহিলা সৱলীকৰণৰ বাবে প্ৰধানমন্ত্ৰী আৱাস যোজনা, ৰন্ধন জ্যোতি যোজনা, ঘৰে ঘৰে বিজুলী সেৱা, জলজীৱন তদুপৰি অসম চৰকাৰৰ অৰুণোদই আচঁনি বাদেও বিটিচি প্ৰশাসনৰ নিজস্ব বহুকেইটা জনকল্যাণমূলক আঁচনি মহিলা হিতাধিকাৰীক অগ্ৰাধিকাৰ দিয়া হৈছে বুলি উল্লেখ কৰে। ৰাইজৰ সঁচা ছবিখন দেখুৱাবলৈ পূৰ্বৰ কংগ্ৰেছ চৰকাৰ আৰু বিটিচিত বিপিএফ দলৰ শাসনকালত কি কি পাইছিল আৰু বৰ্তমান চৰকাৰৰ দিনত কি কি পাই আছে আৰু আগলৈ কি কি পাব সেই কথাবোৰ ৰাইজৰ মাজত প্ৰচাৰ কৰাৰ ওপৰত গুৰুত্বাৰোপ কৰে।

ইপিনে পলমকৈ হ'লেও দলীয় মহিলা নেতৃত্ব সন্মিলনত উপস্থিত হৈ বিটিচি প্ৰধান তথা ইউপিপিএল দলৰ সভাপতি প্ৰমোদ বড়োই আৰম্ভণিতে বিপিএফ দলক সমালোচনা কৰে । বিপিএফ দলে ভালকাম দেখিব নোৱাৰে,যাৰ বাবে তেওঁলোকে ইউপিপিএলৰ পোষ্টাৰ, বেনাৰ, পতাকা আদি ফালি দিয়াৰ দৰে কাম কৰে বুলা অভিযোগ কৰে। এয়াই বিপিএফৰ ভাল কাম বুলি প্ৰমোদ বড়োই কটাক্ষ কৰে ।

আজিৰ কাজলগাঁৱৰ মহিলা নেতৃত্ব সন্মিলনত ইউপিপিএল দলৰ সভাপতি তথা বিটিআৰৰ মুখ্য প্ৰমোদ বড়ো, দলৰ কাৰ্য্যকৰী সভাপতি তথা ৰাজ্যসভাৰ সাংসদ ৰৌণগৌৰা নাৰ্জাৰী, চিদলীৰ বিধায়ক জয়ন্ত বসুমতাৰী, বিটিআৰৰ কাৰ্য্যবাহী সদস্যসকল ক্ৰমে- নিলুৎ সৰ্গীয়াৰী, ৰঞ্জিত বসুমতাৰী, ধনঞ্জয় বসুমতাৰী, প্ৰাক্তন বিধায়ক কমল সিং নাৰ্জাৰী, ইউপিপিএলৰ সাধাৰণ সম্পাদক ৰাজু নাৰ্জাৰীয়ে ভাষণ প্ৰদান কৰি আগন্তুক লোকসভা নিৰ্বাচনত ইউপিপিএল দলক এক শক্তিশালী দল হিচাপে গঢ় দিবলৈ মহিলা নেতা কৰ্মী সকলক আহ্বান জনায় ।

সন্মিলনত ইউপিপিএল দলৰ মহিলা কোষৰ সম্পাদিকা হেলেনা সৰ্গীয়াৰী, মুৰ্শিদা বেগম, বিটিআৰৰ কেবাজনো পাৰিষদৰ লগতে ইউপিপিএল মহিলা কোষৰ কেন্দ্ৰীয় নেতৃত্ব উপস্থিত থাকে।

ইউপিপিএলৰ কেন্দ্ৰীয় মহিলা কোষৰ উদ্যোগত মহিলা নেতৃত্ব সন্মিলন
কনজিউমাৰ্চ লীগেল প্ৰটেকশ্যন ফ'ৰামৰ উদ্যোগত আন্তৰ্জাতিক মহিলা দিৱস উদযাপন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in