/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/e6735870-1d4a-4ef3-8df3-1be6c405ae93/orang_17.jpg)
ওৰাঙত মহিলা নামিল স্কুটি চুৰি কাৰ্যত
ডিজিটেল সংবাদ ওৰাংঃ ওৰাঙত এইবাৰ স্কুটি চুৰি অভিযানত নামিছে মহিলা। সোমবাৰে পুৱা প্ৰায় ১০ বজাত এখন স্কুটি চুৰি হোৱাৰ পাছত চিচি টিভিৰ দৃশ্যই চকু কপালত তুলিছে বহুতৰে।
জানিব পৰা মতে ওৰাং আৰক্ষী থানাৰ অধীনস্থ ওৰাং চাৰিআলিৰ পৰা সোমবাৰে AS-12J 9193 নম্বৰৰ এখন ৰঙা ৰঙৰ স্কুটি চোৰ হয়। ওৰাঙৰ ১নং শইকীয়া চুবুৰী গাৱঁৰ কুল প্ৰসাদ উপাধ্যায়ৰ পুত্ৰ কৃতি প্ৰসাদ উপাধ্যায়ে পুৱা প্ৰায় ১০ বজাত তেওঁৰ বেয়া হোৱা মোবাইল ভাল কৰিবলৈ স্কুটি খনেৰে ওৰাং চাৰিআলিলৈ আহিছিল।
স্কুটিখন কৃতিয়ে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে থকা এখন মোবাইল মেৰামতিৰ দোকানৰ সন্মুখত ৰাখে। তাৰ কিছু সময়ৰ পিছত আহি সেই স্থানত আহি দেখে স্কুটিখন নাই। ইয়াৰ পিছতে ঘটনাক লৈ হুলস্থুল সৃষ্টি হোৱাত স্থানীয় দোকানখনৰ চিচি টিভি দৃশ্য পৰীক্ষা কৰা হয়।
সেই দৃশ্যত প্ৰত্যক্ষ কৰা অনুসৰি এগৰাকী দখনা পৰিহিতা মহিলাই সেই স্থানৰ পৰা স্কুটিখন লৈ উধাও হয়। এই ঘটনা সন্দৰ্ভত ইতিমধ্যে ওৰাং আৰক্ষী থানাত দাখিল কৰা হৈছে এজাহাৰ। আৰক্ষীয়েও চিচি টিভিৰ দৃশ্যৰ আধাৰতে আৰম্ভ কৰিছে তদন্ত। অৱশ্যে বাতৰি লিখাৰ পৰলৈকে স্কুটিখন উদ্ধাৰ কৰিব পৰা নাই।