ভাৰত-ভূটান সীমান্তত বন্যহস্তীৰ উপদ্ৰৱ...

ভাৰত-ভূটান সীমান্তত বন্যহস্তীৰ উপদ্ৰৱ...

author-image
Asomiya Pratidin
New Update
ভাৰত-ভূটান সীমান্তত বন্যহস্তীৰ উপদ্ৰৱ...

ডিজিটেল সংবাদ, তামুলপুৰঃ তামুলপুৰ জিলাৰ অন্তৰ্গত ভাৰত-ভূটান সীমান্তত অব্যাহত আছে হাতী মানুহৰ সংঘাত। বনাঞ্চলৰ অবাধ ধ্বংস যজ্ঞৰ ফলত বনাঞ্চল সংকুচিত হোৱাত তীব্ৰ খাদ্য সংকটত ভোগা বনৰীয়া হাতীৰ বৃহৎ জাকে ভূটান পাহাৰৰ পৰা খাদ্যৰ সন্ধানত নামি আহি জনবসতিপূৰ্ণ অঞ্চলত প্ৰৱেশ কৰি মানুহৰ লগত সংঘাতত লিপ্ত হৈ আহিছে। খাদ্যৰ সন্ধানত পাহাৰ পৰা নামি অহা বনৰীয়া হাতীৰ জাক এটাই প্ৰতিদিনে নিদ্ৰা হৰণ কৰিছে সীমান্তবাসী ৰাইজৰ।

Advertisment

আজি কিছুদিন ধৰি বনৰীয়া হাতীৰ বৃহৎ জাক এটাই কেইবাটাও ভাগত বিভক্ত হৈ সীমান্তৰ গাঁৱবোৰত খেতি পথাৰ শস্য খাই তহিলং কৰাৰ লগতে মানুহৰ বাসগৃহ ভাঙি বিধস্ত ক্ষতি সাধন কৰিছে ৷ বৃহস্পতিবাৰে নিশাও বনৰীয়া হাতীৰ জাকে ১ নং পাহাৰপুৰৰ বিষ্ণু বসুমতাৰী, টেউপিল বসুমতাৰী, চুপল টুডু, হোপনা টুডু আৰু দমনিকা হাচদাৰ বাসগৃহ ভাঙি চূড়মাৰ কৰাৰ লগতে পৰিয়াল কেইটাৰ বাচন বৰ্তন, কাঠৰ আচৱাব সমুহৰো ক্ষতিসাধন কৰে ৷

বনৰীয়া হাতীয়ে বাসগৃহ ভাঙি পেলোৱাত নিশা মুকলি আকাশৰ তলতে উজাগৰে থাকিব লগা হয় পৰিয়াল কেইটা। বনৰীয়া হাতীৰ পৰা কথমপি পৰিয়ালৰ লোকসকলে নিজৰ প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হয়। বনৰীয়া হাতীৰ জাকটোৱে গাঁওখনত গোটেই নিশা আতংকময় পৰিবেশৰ সৃষ্টি কৰে ।

খবৰ পোৱাৰ লগে লগে কুমাৰীকাটা বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ পুৱাৰ ভাগত হাতীৰ জাকটো খেদি পঠিয়াবলৈ সক্ষম হয়। যোৱা ২৯ জুনৰ নিশাও গাঁওখনত চাৰিটা পৰিয়ালৰ ঘৰ দুৱাৰ ভাঙি ব্যাপক ক্ষতিসাধন কৰিছিল ৷

tamulpur news wild elephant attacked