তামুলপুৰত বনৰীয়া হাতীৰ আক্ৰমণত নিহত এজন

তামুলপুৰত বনৰীয়া হাতীৰ আক্ৰমণত নিহত এজন

author-image
Asomiya Pratidin
New Update
তামুলপুৰত বনৰীয়া হাতীৰ আক্ৰমণত নিহত এজন

ডিজিটেল সংবাদ, তামুলপুৰঃ তামুলপুৰ জিলাৰ ভাৰত-ভূটান সীমান্তত অব্যাহত আছে বনৰীয়া হাতীৰ উপদ্ৰপ। জিলাখনৰ সীমান্ত অঞ্চল সমূহত প্ৰায় বনৰীয়া হাতী প্ৰৱেশ কৰি ঘৰ-দুৱাৰ ভাঙি পেলোৱাৰ লগতে খেতিপথাৰৰ বিস্তৰ ক্ষতিসাধন তথা কেইবাজনো লোক হাতীৰ আক্ৰমণত নিহত হোৱাৰ খবৰ সংবাদ মাধ্যমত প্ৰকাশিত হৈ আছে। দেওবাৰে পুৱতি নিশাও তামুলপুৰ জিলাৰ বগাজুলি গৌজনফুৰিত এটা বনৰীয়া হাতী প্ৰৱেশ কৰি গাওঁখনত আতঙ্কৰ সৃষ্টি কৰে।

Advertisment

ইপিনে বনৰীয়া হাতীটোক গঞাই খেদি পঠিয়াবলৈ চেষ্টা চলাওঁতে গাওঁখনৰ আচিনা বসুমতাৰী (৪৮) নামৰ এজন লোক হাতীৰ আক্ৰমণত নিহত হয়। ঘটনাস্থলীত ইতিমধ্যে বিধায়ক জলেন দৈমাৰী, বিটিচিৰ দৰঙাজুলি পৰিষদীয় সমষ্টিৰ এমচিএলএ বিজিৎ গৌৰা নাৰ্জাৰীসহ কুমাৰীকাটা আৰক্ষীৰ এটি সঁজাতি দল উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাইছে বুলি জানিব পৰা গৈছে।

Also Read: পদক জয়েৰে 'এছিয়ান গেমছ-২০২৩'ৰ আৰম্ভণী ভাৰতৰ

tamulpur