/asomiyapratidin/media/media_files/2025/02/22/SvSXAE0GzlMAKNOcpYoB.jpg)
ডিজিটেল সংবাদ কোকৰাঝাৰঃ কোকৰাঝাৰ সদৰ চহৰ নিৱাসী মদন মেধী আৰু শান্তি মেধীৰ কন্যা ভয়োলিনা মেধীয়ে (২০) এম টিভিৰ জনপ্ৰিয় শ্ব' ৰডিছ( Roadies)ৰ ২০ সংখ্যক সংস্কৰণৰ বাবে নিৰ্বাচিত হোৱাত কোকৰাঝাৰত আনন্দৰ বন্যা বৈছে।
এম টিভিৰ জনপ্ৰিয় ৰডিছ( Roadies) শ্ব'ৰ ডবল ক্ৰছত কোকৰাঝাৰ জিলাৰ পৰা প্ৰথমগৰাকী অংশগ্ৰহণকাৰী হিচাপে চিহ্নিত হৈছে ভায়োলিনা মেধী। উল্লেখ্য যে কেবিন ক্ৰু' (Cabin Crew) দৰে প্ৰত্যাহ্বান আৰু ব্যস্ততাপূৰ্ণ চাকৰিৰ পিছতো ভায়োলিনা এম টিভিৰ জনপ্ৰিয় শ্ব' ৰডিছত অংশগ্ৰহণ কৰাটো ইমান সহজ কথা হৈ থকা নাছিল ।
তথাপিও সকলো প্ৰত্যাহ্বান নেওচি ভায়োলিনাই বিগত বৰ্ষৰ ২৪ অক্টোবৰত অ'ডিচন দিয়ে আৰু কেবাটাও ঢাপ পাৰ হৈ যোৱাৰ পিছত কেইদিনমানপূৰ্বে এমটিভিৰ জনপ্ৰিয় ৰডিছ শ্ব'ত ভায়োলিনাৰ প্ৰ'গ্ৰাম সম্প্ৰচাৰিত হয়।
প্ৰণিধানযোগ্য যে সম্প্ৰতি এয়াৰ ইণ্ডিয়াত কেবিন ক্ৰু হিচাপে সেৱা আগবঢ়াই থকা ভায়োলিনাই ইয়াৰ পূৰ্বে এয়াৰ এছিয়া আৰু ইণ্ডিগো'তো কেবিন ক্ৰু' হিচাপে সেৱা আগবঢ়াইছিল।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us