ওৰাঙৰ শিহৰণকাৰী হত্যাকাণ্ডৰ অভিযুক্তক গ্ৰেপ্তাৰ

ওৰাঙৰ শিহৰণকাৰী হত্যাকাণ্ডৰ অভিযুক্তক গ্ৰেপ্তাৰ

author-image
Asomiya Pratidin
New Update
ওৰাঙৰ শিহৰণকাৰী হত্যাকাণ্ডৰ অভিযুক্তক গ্ৰেপ্তাৰ

ডিজিটেল সংবাদ, ওৰাং: অৱশেষত গ্ৰেপ্তাৰ হ'ল শিশু হত্যাকাণ্ডৰ অভিযুক্ত মজনু আলী। সোমবাৰে সাপমাৰি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সুনিল সৰকাৰৰ নেতৃত্বত চলোৱা অভিযানত মজনু আলীসহ ছফিকুল ইছলাম নামৰ আন এজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।

Advertisment

যোৱা ৫ নবেম্বৰ তাৰিখে ওদালগুৰিৰ মেধিপাৰাৰ এম/এচ আখটাৰ ফাৰ্নিচাৰ/ টিমবাৰ চ'প নামৰ অবৈধ মিলত সংঘটিত হৈছিল মৰ্মান্তিক, শিহৰণকাৰী শিশু হত্যাকাণ্ডৰ ঘটনা। মিলটোৰ কৰ্মচাৰী মজনু আলীয়ে ৮ বছৰীয়া ৰছিদ আনছাৰি নামৰ কিশোৰক কাঠফলা মেচিনেৰে ইচ্ছাকৃতভাৱে মূৰত হেচি ধৰি হত্যা কৰাৰ বিস্ফোৰক অভিযোগ উত্থাপন হৈছিল।

এই শিহৰণকাৰী হত্যাকাণ্ডক লৈ জিলাখনৰ লগতে সমগ্ৰ ৰাজ্যতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। মজনু আলীক শীঘ্ৰেই গ্ৰেপ্তাৰৰ বাবে সৰ্বত্ৰে দাবী উঠিছিল। অৱশেষত ১৫ দিনৰ অন্তত পলাতক মজনু আলীক গ্ৰেপ্তাৰ কৰে সাপমাৰি আৰক্ষী‌য়ে। পৰিয়ালে দিয়া এজাহাৰত নাম উল্লেখ থকা ছফিকুল ইছলাম নামৰ আন এজনকো গ্ৰেপ্তাৰ কৰে।

Also Read: অভিনন্দন ! বিকাশৰ গতিত সুৰংগত আৱদ্ধ শ্ৰমিকৰ জীৱন...

murder case