তামুলপুৰত লোকসভা নিৰ্বাচনৰ ৰণশিঙা বজালে প্ৰমোদ বড়োৱে

তামুলপুৰত লোকসভা নিৰ্বাচনৰ ৰণশিঙা বজালে প্ৰমোদ বড়োৱে

author-image
Asomiya Pratidin
New Update
তামুলপুৰত লোকসভা নিৰ্বাচনৰ ৰণশিঙা বজালে প্ৰমোদ বড়োৱে

ডিজিটেল সংবাদ, তামুলপুৰঃ মঙলবাৰে তামুলপুৰৰ বৰখাটাত বড়োভূমিৰ ৰাজনৈতিক দল ইউ পি পি এল দলৰ মহাকৰ্মী সভা আয়োজন কৰা হয় ৷ উক্ত কৰ্মী সভাত ইউ পি পি এল দলৰ সভাপতি তথা বিটিআৰৰ প্ৰধান প্ৰমোদ বড়োৱে মন্ত্ৰী ইউ জি ব্ৰহ্মসহ কাৰ্যবাহী সদস্য বিধায়ক এম চি এলহএ দলৰ সাধাৰণ সম্পাদক ৰাজু নাৰ্জাৰীসহ দলীয় নেতা সকলৰ উপৰিও তামুলপুৰ, বাক্সা, ওদালগুৰি জিলাৰ ১০সহস্ৰাধিক দলীয় কৰ্মী উপস্থিত থাকে ৷

Advertisment

মঙলবাৰৰ সভা সন্দৰ্ভত দলৰ সভাপতি প্ৰমোদ বড়োৱে কয় যে, ২০১৫ চনৰ পৰাই ইউ পি পি এল দলে ধাৰাবাহিকভাৱে কাম কৰি আহিছে ৷ ২০২০ চনত কেন্দ্ৰীয় চৰকাৰৰ সহযোগত বিটিআৰ চুক্তিৰ পাছত বিটিআৰত শান্তি স্থাপন হৈছে ৷ লগতে তেওঁ কয় যে, বিশ্বৰ এটা বৃহৎ ৰাজনৈতিক দল বিজেপিৰ সৈতে লগলাগি সৰু এটা অঞ্চলত শাসন কৰি পিছপৰা ৰাইজৰ ৱাবে উন্নয়নৰ কাম কৰি তেওঁ যথেষ্ট সুখী অনুভৱ কৰিছে। ইউ পি পি এল দলৰ লক্ষ্য হৈছে বিটিআৰৰ জনসাধাৰণৰ শান্তি সম্প্ৰীতি আৰু উন্নয়ন কৰা বুলিও তেওঁ মন্তব্য কৰে৷

অসমে এজন ভাল মুখ্যমন্ত্ৰী পাইছে বুলি উল্লেখ কৰি তেওঁ কয় যে, ভাৰতৰ প্ৰধান মন্ত্ৰীৰ অমৃত কালৰ যি কল্পনা তাৰ বাবে ড° হিমন্ত বিশ্ব শৰ্মাৰ সৈতে ইউ পি পি এলে একেলগে কাম কৰিব যাব। আৰু এইটো তেওঁৰ সৌভাগ্য যে হিমন্ত বিশ্বৰ দৰে মুুখ্যমমন্ত্ৰী এজনৰ সৈতে কাম কৰিবলৈ তেওঁ সুবিধা লাভ কৰিছে।

বিটিআৰত কংগ্ৰেছ দলে ইউ পি পি এল দলক সমালোচনা কৰি একো লাভ নহ'ব বুলি মন্তব্য কৰি তেওঁ কয় যে, কংগ্ৰেছে এসময়ত হাগ্ৰামা বাহিনীৰে লগলাগি শাসন চলাইছিল ৷ সেই সময়ত বিটিআৰত হত্যা হিংসা চলি আছিল ৷ লগতে ৰাইজে ইতিমধ্যেই বিটিআৰত বিপিএফক ৰিজেক্ট কৰিছে বুলিও প্ৰমোদ বড়োৱে তাৎপৰ্যপূৰ্ণ বক্তব্য আগবঢ়ায় ৷

Also Read: ফকৰুদ্দিন...

election2024