Advertisment

নেপালৰ অনুৰাধা কৈৰালাক উপেন্দ্ৰ নাথ ব্ৰহ্ম মানৱতাৰ সৈনিক বঁটা প্ৰদান

কোকৰাঝাৰৰ বডোফা সাংস্কৃতিক প্ৰকল্পৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ যোগেদি আজি নেপাল কাঠমাণ্ডুৰ বাসিন্দা অনুৰাধা কৈৰালাক ২১ সংখ্যক উপেন্দ্ৰ নাথ ব্ৰহ্ম মানৱতাৰ সৈনিক বঁটা প্ৰদান কৰা হয়।

author-image
Asomiya Pratidin
New Update
নেপালৰ অনুৰাধা কৈৰালাক উপেন্দ্ৰ নাথ ব্ৰহ্ম মানৱতাৰ সৈনিক বঁটা প্ৰদান

নেপালৰ অনুৰাধা কৈৰালাক উপেন্দ্ৰ নাথ ব্ৰহ্ম মানৱতাৰ সৈনিক বঁটা প্ৰদান

ডিজিটেল সংবাদ কোকৰাঝাৰঃ কোকৰাঝাৰৰ বডোফা সাংস্কৃতিক প্ৰকল্পৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ যোগেদি আজি নেপাল কাঠমাণ্ডুৰ বাসিন্দা অনুৰাধা কৈৰালাক ২১ সংখ্যক উপেন্দ্ৰ নাথ ব্ৰহ্ম মানৱতাৰ সৈনিক বঁটা প্ৰদান কৰা হয়। উপেন্দ্ৰনাথ মানৱতাৰ সৈনিক বঁটাৰ সতে আছে এখন প্ৰস্তুতিপত্ৰ, বডোফাৰ প্ৰতিকৃতি, এৰি চাদৰ, এযোৰ দখনা আৰু দুই লাখ টকাৰ চেক। 

Advertisment

উল্লেখ্য যে উপেন্দ্ৰ নাথ ব্ৰহ্ম ন্যাস চমুকৈ ইউ এন বি টি আৰু নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুৱে প্ৰতি বছৰে বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্ম মানৱতাৰ সৈনিক বঁটা প্ৰদান কৰি আহিছে। সমাজৰ অৱহেলিত, শোষিত,লাঞ্চিত ,বঞ্চিত আৰু নিস্পেষিত জনসাধাৰণৰ ন্যায়, অধিকাৰৰ লগতে সাংস্কৃতিক, শৈক্ষিক আদি বিভিন্ন ক্ষেত্ৰত বিশেষ অৰিহণা যোগাই অহা বিশেষ ব্যক্তিক প্ৰতিবছৰে এই বঁটা প্ৰদান কৰি আহিছে ইউএনবিটি আৰু এবছুৱে ।

এইবেলি ২১ সংখ্যক উপেন্দ্ৰ নাথ ব্রহ্ম মানৱতাৰ সৈনিক বঁটাৰ বাবে নেপালৰ মাদাৰ টেৰেছা খ্যাত পদ্মশ্ৰী অনুৰাধা কৈৰালা নিৰ্বাচিত হৈছিল আৰু আজি এক গাম্ভিৰ্যপূৰ্ণ অনুষ্ঠানৰ যোগেদি উক্ত বঁটা প্ৰদান কৰা হয়। বঁটা লাভ কৰি নিজ ভাষণত অনুৰাধা কৈৰালাই কয় যে, উপেন্দ্ৰ নাথ ব্ৰহ্ম মানৱতাৰ সৈনিক বঁটা লাভ কৰি সমাজৰ প্ৰতি দায়িত্ব আৰু বাঢ়িল।

কন্যা সন্তান প্ৰকৃততে আমাৰ সকলোৰে বাবে অলংকাৰ আৰু গৌৰৱ বুলি মন্তব্য কৰি অনুৰাধা কৈৰালাই কয় যে, তেওঁ নিজে ২৫ বছৰ ধৰি শিক্ষকতা কৰিছিল। কিন্তু নেপালত কাম কৰাৰ স্বাধীনতা নাছিল আৰু সেয়েহে শিক্ষকতা বৃত্তি ত্যাগ কৰি কন্যা সন্তানক উদ্ধাৰৰ বাবে নিজকে নিয়োজিত কৰে।

তেওঁ কয়, প্ৰথম অৱস্থাত বিভিন্ন ঠাইৰ ছোৱালীবোৰক বিক্ৰী কৰাৰ খবৰ পাইছিলো কিন্তু আমি একো কৰিব পৰা নাছিলো। আমি গাঁৱে গাঁৱে গৈ ছোৱালীবোৰক যে শিক্ষা প্ৰদান কৰিব লাগে সেয়া অভিভাৱকসকলক কৈ সজাগতা অভিযান আৰম্ভ কৰিলো। মাইটি নেপাল প্ৰতিষ্ঠা কৰাৰ পিছৰে পৰা আমি কামত অধিক মনোনিৱেশ কৰিলো আৰু তেনেকৈয়ে মানৱ সৰবৰাহৰ কবলৰ পৰা হাজাৰ হাজাৰ ছোৱালী উদ্ধাৰ কৰি, পুনৰসংস্থাপন কৰিলো।

ৰাজহুৱা স্থানত পতিতালয় থকাৰ বিৰোধিতা কৰি অনুৰাধা কৈৰালাই সকলো কন্যা সন্তানক উপযুক্ত শিক্ষাৰে শিক্ষিত কৰা, লিংগ বৈষম্য দূৰ কৰাৰ পোষকতা কৰিছে। ইউএনবিটি আৰু এবছুৱে দিয়া বঁটাই দায়িত্ব বঢ়াই তুলিলে আৰু অনাগত সময়ছোৱাত নাৰীৰ হকে অধিক কাম কৰিবলৈ উৎসাহিত কৰিলে বুলি মন্তব্য কৰিছে অনুৰাধা কৈৰালাই ।

উল্লেখ্য যে অনুৰাধা কৈৰালা আন্তৰ্জাতিক খ্যাতিসম্পন্ন সমাজসেৱক আৰু মাইটি নেপালৰ প্ৰতিষ্ঠাপক। ২০০৩ চনত মাইটি নেপাল প্ৰতিষ্ঠা কৰাৰ পিছৰে পৰা বৰ্তমানলৈ অনুৰাধা কৈৰালাই যৌন সৰবৰাহকাৰীৰ কবলৰ পৰা ৫০ হাজাৰতকৈ অধিক শিশু, মহিলাক উদ্ধাৰ আৰু পুণৰসংস্থাপন কৰিছে।

মূলত শিশু আৰু মহিলাৰ ন্যায়ৰ হকে কাম কৰা অনুৰাধা কৈৰালাক ভাৰত চৰকাৰে ২০১৭ চনত পদ্মশ্ৰী বঁটাৰে বিভূষিত কৰে। ইয়াৰোপৰি ২০১০ চনত চিএনএনৰ বৰ্ষশ্ৰেষ্ঠ বঁটা, ২০১৪ চনত মাদাৰা টেৰেছা আন্ত:ৰাষ্ট্ৰীয় সামাজিক ন্যায় বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল অনুৰাধা কৈৰালাই। 

ইপিনে মুখ্য অতিথিৰ ভাষণত পেট্ৰিচিয়া মুখিমে কয় যে, মানৱ সৰবৰাহৰ লগতে আন কিছুমান গুৰুত্বপূৰ্ণ সামাজিক সমস্যা ৰাজনীতিৰ উৰ্ধত থাকি সমাধান কৰিব লাগে তেতিয়াহে সমাজখন সুন্দৰ হৈ পৰিব। সকলোৱে একগোট হৈ ওলাই আহি সামাজিক সমস্যাৰ বিষয়ে মাত মাতিবলৈ আহ্বান জনাই পেট্ৰিচিয়া মুখিমে বঁটা প্ৰাপ্তিয়ে কাম কৰিবলৈ উদ্গনি যোগায় বুলি মন্তব্য কৰিছে।

এবছুৰ সভাপতি দ্বীপেন বড়োৱে কয় যে, এবছু আৰু ইউএনবিটিয়ে অনুৰাধা কৈৰালাক ২১ সংখ্যক উপেন্দ্ৰ নাথ ব্ৰহ্ম মানৱতাৰ সৈনিক বঁটা প্ৰদান কৰিবলৈ পাই ধন্য মানিছে। অনুৰাধা কৈৰালাক বিটিআৰ, অসমত অব্যাহত থকা মানৱ সৰবৰাহৰ বিৰুদ্ধে কাম কৰিবলৈ আহ্বান জনাই তেওঁৰ সাহসী কৰ্মৰাজীক ভূয়সী প্ৰশংসা কৰে দ্বীপেন বড়োৱে।

প্ৰণিধানযোগ্য যে বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলনেৰে আৰম্ভ হোৱা উপেন্দ্ৰনাথ মানৱতাৰ সৈনিক বঁটা প্ৰদান অনুষ্ঠানত সভাপতিত্ব কৰে মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই আৰু সভা পৰিচালনা কৰে। তদুপৰি বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকে উপেন্দ্ৰ নাথ ব্ৰহ্ম ন্যাস চমুকৈ ইউএনবিটিৰ অধ্যক্ষ ড° ডিমাছা ডি মুছাহাৰী আৰু পাৱাৰ অব এটৰ্নি বিষ্ণু প্ৰসাদ ব্ৰহ্ম, বড়ো সাহিত্য সভাৰ সভাপতি ড° সুৰথ নাৰ্জাৰী, বিধায়ক লৰেন্স ইছলাৰী , বিটিচিৰ কাৰ্যবাহী সদস্য ড° নিলুৎ স্বৰ্গিয়াৰী, উকিল মুছাহাৰী আদিকে ধৰি বহু বিশিষ্ট ব্যক্তিয়ে। 

কোকৰাঝাৰ