চিৰাঙৰ কাজলগাঁৱত অচিনাক্ত মৃতদেহ উদ্ধাৰ...

কাজলগাঁৱত আজি এজন অচিনাকী ব্যক্তিৰ মৃতদেহ উদ্ধাৰ হৈছে। কাজলগাঁৱৰ উপেন্দ্ৰনাথ ব্ৰহ্ম কলেজ আৰু কাজলগাওঁ  থানাৰ সন্মুখত ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত উদ্ধাৰ হয় এই মৃতদেহ। 

author-image
Asomiya Pratidin
New Update
লখিমপুৰত বিদ্যুৎপৃষ্ট হৈ মৃত্যু যুৱকৰ...

ডিজিটেল সংবাদ চিৰাংঃ চিৰাং জিলাৰ সদৰ কাজলগাঁৱত আজি এজন অচিনাকী ব্যক্তিৰ মৃতদেহ উদ্ধাৰ হৈছে। চিৰাং জিলা সদৰ কাজলগাঁৱত থকা উপেন্দ্ৰনাথ ব্ৰহ্ম কলেজ আৰু কাজলগাওঁ  থানাৰ সন্মুখত ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত উদ্ধাৰ হয় এই মৃতদেহ। 

Advertisment

মৃতদেহ উদ্ধাৰ হোৱাৰ পাছতে কাজলগাওঁ আৰক্ষী থাানাৰ আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰে আৰু মৰণোত্তৰ পৰীক্ষাৰ বাবে কাজলগাঁৱৰ জে এছ বি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। 

অৱশ্যে এই পৰ্যন্ত উদ্ধাৰ হোৱা মৃতদেহটো চিনাক্ত কৰা হোৱা নাই। তথাপিও মৃতলোকজনৰ পোচাকলৈ লক্ষ্য কৰি তেওঁ আদিবাসী জনগোষ্ঠীৰ হ'ব পাৰে বুলি সন্দেহ কৰা হৈছে। 

মৃতদেহ মৃতদেহ উদ্ধাৰ চিৰাং