ইউ‌.এন ব্ৰহ্ম স্বৰ্ণকাপ ফুটবলঃ শ্বিলং লাজঙৰ ফাইনেলত প্ৰৱেশ...

ইউ‌.এন ব্ৰহ্ম স্বৰ্ণকাপ ফুটবলঃ শ্বিলং লাজঙৰ ফাইনেলত প্ৰৱেশ...

author-image
Asomiya Pratidin
New Update
ইউ‌.এন ব্ৰহ্ম স্বৰ্ণকাপ ফুটবলঃ শ্বিলং লাজঙৰ ফাইনেলত প্ৰৱেশ...

ইউ‌.এন ব্ৰহ্ম স্বৰ্ণকাপ ফুটবলঃ ছিলং লাজঙৰ ফাইনেলত প্ৰৱেশ...

ডিজিটেল সংবাদ ওদালগুৰিঃ ওদালগুৰি জিলা ক্ৰীড়া সন্থা আৰু ওদালগুৰি জিলা নিখিল বড়ো ছাত্ৰ সন্থাৰ উদ্যোগত ওদালগুৰিৰ নলবাৰী খেলপথাৰত চলি থকা ২৯ সংখ্যক সৰ্বভাৰতীয় বডোফা উপেন্দ্ৰনাথ ব্ৰহ্ম স্বৰ্ণকাপ ফুলবল প্ৰতিযোগিতাখনিৰ আজি প্ৰথমখন ছেমি ফাইনেল খেল শ্বিলং লাজং এফচি মেঘালয় বনাম ডিমাকুচি অৰগেং ক্লাৱৰ মাজত অনুষ্ঠিত হয়।

Advertisment

খেলখনত ছিলঙে ৪-২ গলৰ ব্যৱধানত জয়ী হৈ প্ৰতিযোগিতাখনিৰ ফাইনেলত প্ৰৱেশ কৰে। খেলখনৰ প্ৰথম অৰ্ধৰ ২০ মিনিটত ছিলঙৰ ৰেননে প্ৰথমটো গ'ল দিবলৈ সক্ষম হয়। ইয়াৰ পাছত প্ৰথম অৰ্ধৰ ২৪ মিনিট আৰু ৪৫ মিনিটত শ্বিলঙৰ কৰিম দুটাকৈ গ'ল প্ৰদান কৰি ৩-০ গ'লৰ ব্যৱধানত দলটোক অগ্ৰগতিৰ প্ৰদান কৰে।

কিন্তু খেলখনৰ ৪৭ মিনিটত ডিমাকুচিৰ অমিত ঠাকুৰীয়াই এটা গ'ল দিয়ে যদিও কিছুসময় পাছতে খেলখনৰ ৬০ মিনিটত শ্বিলঙৰ হাৰ্ডীয়ে আন এটা গ'ল প্ৰদান কৰি দলটোক ৪-১ গ'লৰ ব্যৱধানলৈ আনে। কিন্তু খেলখনৰ ৯০ মিনিটত ডিমাকুচিৰ এছ বসুমতাৰীয়ে এটা গ'ল প্ৰদান কৰে।

খেলৰ অন্তত শ্বিলং লাজং দলে ৪-২ গ'লৰ ব্যৱধানত জয়লাভ কৰিবলৈ সক্ষম হয়। কাইলৈ প্ৰতিযোগিতাখনিৰ দ্বিতীয়খন ছেমিফাইনেল খেল নাগ্ৰীম হিলচ্ ছিলং বনাম অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ গুৱাহাটীৰ মাজত অনুষ্ঠিত হ'ব।

Also Read: শিলচৰৰ গুৰুচৰণ মহাবিদ্যালয়ত প্লাষ্টিকৰ ভয়াৱহতা শীৰ্ষক সজাগতা সভা...

ইউ‌.এন ব্ৰহ্ম স্বৰ্ণকাপ ফুটবল