/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/43385c2c-7198-4cb2-bb6c-58449ad091d7/Bodo_news.jpg)
ডিজিটেল সংবাদ, চিৰাং : বড়ো সকলৰ জাতীয় আন্দোলনৰ প্ৰথম সশস্ত্ৰ সংগ্ৰামৰ নেতৃত্ব বহন কৰা উদাংশ্ৰী নি আলাৰী প্ৰেমসিং ব্ৰহ্মৰ ১৭ সংখ্যক মৃত্যু বাৰ্ষিকী মঙ্গলবাৰে পালন কৰা হয় । পৃথক বড়োলেণ্ড ৰাজ্য গঠনৰ দাবীৰে বড়ো সকলৰ জাতীয় আন্দোলনৰ প্ৰথম সশস্ত্ৰ সংগঠন বড়ো ভলেন্টিয়াৰ্ছ্ ফোৰ্ছৰ সৰ্বাধিনায়ক তথা প্ৰথম বড়ো শান্তি চুক্তিৰ অন্যতম স্বাক্ষৰকাৰী প্ৰেমসিং ব্ৰহ্ম ২০০৭ চনৰ ১৮ এপ্ৰিল তাৰিখে অৰ্থাৎ আজিৰ এই দিনটোতে শেষ নিশ্বাস ত্যাগ কৰিছিল ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/becfcb76-87d9-49e5-95e9-4abb228f6599/WhatsApp_Image_2023_04_18_at_1_28_57_PM.jpeg)
উদাংশ্ৰী নি আলাৰী অৰ্থাৎ মুক্তিৰ শিখা সন্মানেৰে বিভূষিত প্ৰেমসিং ব্ৰহ্মৰ ১৭ সংখ্যক মৃত্যু বাৰ্ষিকী উপলক্ষ্যে মঙ্গলবাৰে কাজলগাঁও ব্লক ইউপিপিএলৰ উদ্যোগত আৰু প্ৰেমসিং ব্ৰহ্ম ট্ৰাষ্টৰ সহযোগত ঢালিগাঁও বজাৰস্থিত প্ৰয়াত প্ৰেমসিং ব্ৰহ্মৰ সমাধি স্থলীত এক শ্ৰদ্ধাঞ্জলী অনুষ্ঠানৰ আয়োজন কৰা হয় । এই শ্ৰদ্ধাঞ্জলী অনুষ্ঠানত বন্তি প্ৰজ্বলন আৰু পুষ্প অৰ্পন কৰি শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে প্ৰয়াত প্ৰেমসিং ব্ৰহ্মৰ সহধৰ্মিণী সুপ্ৰিয়া ৰাণী ব্ৰহ্ম, চিদলী সমষ্টিৰ বিধায়ক জয়ন্ত বসুমতাৰী, বিটিচি প্ৰশাসনৰ প্ৰতিনিধি হিচাপে পাৰিষদ মাধৱ ছেত্ৰী, সাহিত্য একাডেমী বঁটা প্ৰাপক সাহিত্যিক গোবিন্দ বসুমতাৰী, বিএচিৰ প্ৰাক্তন কাৰ্যবাহী সদস্য সুভাষ বসুমতাৰী সহ এবছু, বড়ো সাহিত্য সভা, ট্ৰাইবেল সংঘ, বড়ো মহিলা সমিতি আদি কৰি বিভিন্ন দল সংগঠনৰ প্ৰতিনিধিৰ উপৰি গুণমুগ্ধ সকলেও প্ৰয়াত নেতা গৰাকীৰ সমাধিস্থলীত শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/8a92101a-9448-4b95-a4bc-ed2c098392ca/WhatsApp_Image_2023_04_18_at_1_28_59_PM.jpeg)
মৃত্যু বাৰ্ষিকীৰ লগত সঙ্গতি ৰাখি আয়োজন কৰা স্মৃতিচাৰণ সভাৰ আৰম্ভণিতে প্ৰয়াত প্ৰেমসিং ব্ৰহ্মৰ বিদেহ আত্মাৰ সদগতি কামনা কৰি এক মিনিট মৌনব্ৰত পালন কৰে । তাৰ পিছত প্ৰয়াত ব্ৰহ্মৰ নিকটতম বন্ধু জেষ্ঠ্য সাংবাদিক নিৰ্মল কুমাৰ ৰায়, বিধায়ক জয়ন্ত বসুমতাৰী, সহধৰ্মিণী সুপ্ৰিয়া ৰাণী ব্ৰহ্ম, পাৰিষদ মাধৱ ছেত্ৰীয়ে উদাংশ্ৰী নি আলাৰী প্ৰেমসিং ব্ৰহ্মৰ জাতীয় সংগ্ৰাম, ৰাজনীতি আৰু সমাজ জীৱনৰ ওপৰত বক্তব্য প্ৰদান কৰে আৰু বড়ো সকলৰ জাতীয় জীৱনত তেখেতৰ অৱদানৰ কথা শ্ৰদ্ধাৰে সোঁৱৰে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/563cc499-a04f-472d-a22b-643f006a1f38/WhatsApp_Image_2023_04_18_at_1_28_58_PM.jpeg)
Also Read: উদ্ধাৰ ড্ৰোণৰ ভগ্নাৱশেষ : ভাৰত-পাকিস্তান সীমান্তত সঘন অহা-যোৱা পাকিস্তনী দুষ্টচক্ৰৰ...