ওদালগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ হীৰক জয়ন্তীৰ আৰম্ভণি

শোভাযাত্ৰাত অংশগ্ৰহণ কৰে অসমৰ শিল্পী জনপ্ৰিয় ক্ৰমে হেলিনা দৈমাৰী আৰু জয় শইকীয়াই।
ওদালগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ হীৰক জয়ন্তীৰ আৰম্ভণি

ডিজিটেল সংবাদ,ওদালগুৰি : ১৯৪৮ চনত স্থাপিত ওদালগুৰি টাউন প্ৰাথমিক বিদ্যালয়ে পৰৱৰ্তী সময়ত ওদালগুৰি মধ্য ইংৰাজী বিদ্যালয় আৰু বৰ্তমান ওদালগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৰূপত ৭৫ বছৰ অতিক্ৰম কৰিলে। সেই উপলক্ষে আয়োজিত বিদ্যালয়খনৰ হীৰক জয়ন্তীৰ সামৰণি অনুষ্ঠানটি শনিবাৰৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হৈছে।

সেই অনুসৰি পুৱা ৮-৩০ বজাত বিদ্যালয়ৰ পতাকা উত্তোলন কৰে ওদালগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ পুষ্পধৰ বাস্তোলাই। ৮-৪৫ বজাত হীৰক জয়ন্তীৰ পতাকা উত্তোলন কৰে হীৰক জয়ন্তী উদ্‌যাপন সমিতিৰ সভাপতি তথা বিটিচিৰ উপ-মুখ্য কাৰ্যবাহী সদস্য, ওদালগুৰি সমষ্টিৰ বিধায়ক গোবিন্দ চন্দ্ৰ বসুমতাৰীয়ে।

পুৱা ৯-১৫ বজাত বিদ্যালয়ৰ হীৰক জয়ন্তী উপলক্ষে অৱসৰপ্রাপ্ত অধ্যক্ষসকল শিক্ষাগুৰু তথা সমাজৰ বিশিষ্ট ব্যক্তি, প্ৰাক্তন শিক্ষাৰ্থীসকলৰ দ্বাৰা ৭৫ খন পতাকা উত্তোলন কৰা হয়। ৯-৩০ বজাত ছহিদ তর্পণ কাৰ্যসূচী মুকলি কৰে বিদ্যালয়খনৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ তাৰাপতি উপাধ্যায়ে।

ইয়াৰ পিছতে ৯-৪৫ বজাত স্মৃতি তৰ্পন কাৰ্যসূচী মুকলি কৰে ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপক অৱসৰপ্ৰাপ্ত শিক্ষক নৰেশ্বৰ ডেকাই। ১০-১৫ বজাত প্রাচীৰ পত্রিকা উন্মোচন কৰে বিদ্যালয়খনৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ যতীন্দ্র কুমাৰ শৰ্মাই। ১০-৩০ বজাত প্রদর্শনীৰ দ্বাৰ উন্মোচন কৰে ওদালগুৰিৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক জয়পাল সিং ব্ৰহ্মই, দিনৰ ১২ বজাত সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰে উদযাপন সমিতিৰ সভাপতি তথা বিধায়ক গোবিন্দ চন্দ্ৰ বসুমতাৰীয়ে।

উক্ত শোভাযাত্ৰাত অংশগ্ৰহণ কৰে অসমৰ শিল্পী জনপ্ৰিয় ক্ৰমে হেলিনা দৈমাৰী আৰু জয় শইকীয়াই। উক্ত শোভাযাত্ৰাত বিভিন্ন জনগোষ্ঠীয় সাংস্কৃতিক দলৰ লগতে প্ৰাক্তন শিক্ষাৰ্থীসহ সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰে।

সন্ধিয়া ৫ বজাত বন্তি প্রজ্বলন কাৰ্যসূচীত প্ৰজ্বলক হিচাপে উপস্থিত থাকে বিদ্যালয়খনৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ জেকব মোছাহাৰী। সন্ধিয়া ৫-৩০ বজাত সাংস্কৃতিক মঞ্চ উদ্বোধন কৰে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি তথা বিদ্যালয়খনৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ নবীন মল্ল বড়োৱে। ৫-৪৫ বজাত বিদ্যালয়ৰ ছাত্র-ছাত্রী তথা আমন্ত্রিত শিল্পীৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰা হয়।

উক্ত অনুষ্ঠানত অভিনেত্ৰী হেলিনা দৈমাৰী আৰু অভিনেতা জয় শইকীয়াই নৃত্য প্ৰদৰ্শন কৰি উপস্থিত দৰ্শকক আমোদ দিয়ে। সন্ধিয়া ৭-৪৫ বজাত "হনুমান সাগৰ বান্ধা চাউ" শীৰ্ষক নাট প্ৰদৰ্শন কৰা হয়। নিশা ৮-৪৫ বজাত গীতামণি বড়োৰ গীতৰ অনুষ্ঠান অনুষ্ঠিত হয়। আগন্তুক দুটা দিনৰ কাৰ্যসূচীত সকলো ৰাইজ, ন-পুৰণি শিক্ষাৰ্থী তথা অভিভাৱকসকলৰ উপস্থিতি কামনা কৰিছে উদযাপন সমিতিয়ে।

ওদালগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ হীৰক জয়ন্তীৰ আৰম্ভণি
ৰ'জভেলীৰ বিত্তীয় অনিয়ম ! হোটেল মালিনীত ই ডিৰ অভিযান

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in