/asomiyapratidin/media/media_files/2025/04/12/U6QtyG323MgGDqTXfnV3.jpg)
ডিজিটেল সংবাদ কোকৰাঝাৰঃ বন্যপ্ৰাণী অপৰাধৰ বিৰুদ্ধে কোকৰাঝাৰ আৰু গোৱালপাৰা আৰক্ষীৰ যৌথ অভিযানত দুজনকৈ চোৰাং সৰবৰাহকাৰী গ্ৰেপ্তাৰ হোৱাৰ লগতে জব্দ হৈছে বন্যপ্ৰাণীৰ অংগ। জানিব পৰা মতে কাৰিগাঁৱৰ ৰাষ্ট্ৰীয় ঘাইপথত নিশা কোকৰাঝাৰ আৰু গোৱালপাৰা আৰক্ষীয়ে চলাইছিল যৌথ অভিযান।
/asomiyapratidin/media/media_files/2025/04/12/cXVXiLzifHEaKVXzwX9L.jpeg)
এই অভিযানত অভিযানকাৰী দলটোৱে দুই বন্যপ্ৰাণীৰ চোৰাং অংগ সৰবৰাহ কৰা দুই সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। তেওঁলোকৰ পৰা জব্দ কৰা হৈছে ২ কেজি ৫০০ গ্ৰাম ওজনৰ এযোৰ হাতী দাঁত।
অৱশ্যে তদন্তৰ খাতিৰত অভিযানকাৰী দলটোৱে ধৃত দুই সৰবৰাহকাৰীৰ নাম, ঠিকনা প্ৰকাশ কৰা নাই। অধিক তথ্যৰ বাবে দুয়োকে জেৰা অব্যাহত ৰাখিছে।
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us