কোকৰাঝাৰ চৰকাৰী মহাবিদ্যালয়ত দুদিনীয়াকৈ আন্তৰ্জাতিক নাৰী দিৱস...

মহাবিদ্যালয়খনৰ মহিলা কোষৰ উদ্যোগত এই পদক্ষেপ
কোকৰাঝাৰ চৰকাৰী মহাবিদ্যালয়ত দুদিনীয়াকৈ আন্ত:ৰ্জাতিক নাৰী দিৱস...
কোকৰাঝাৰ চৰকাৰী মহাবিদ্যালয়ত দুদিনীয়াকৈ আন্ত:ৰ্জাতিক নাৰী দিৱস...

ডিজিটেল সংবাদ কোকৰাঝাৰঃ কোকৰাঝাৰ চৰকাৰী মহাবিদ্যালয়ৰ মহিলা কোষৰ উদ্যোগত মহাবিদ্যালয়খনৰ এম এম বি প্ৰেক্ষাগৃহত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে আন্তৰ্জাতিক নাৰী দিৱসৰ কাৰ্যসূচী আৰম্ভ হৈছে ৷ আজি প্ৰথম দিনৰ কাৰ্যসূচী মৰ্মে সাম্প্ৰতিক সময়ত যুৱ সমাজত ভয়ানকভাৱে বৃদ্ধি পোৱা আত্মহত্যাৰ প্ৰৱণতা ৰোধ কৰাৰ বাবে মানসিক স্বাস্থ্য সজাগতা সৃষ্টিৰ বাবে এক কৰ্মশালা অনুষ্ঠিত হয় ৷

কোকৰাঝাৰ চৰকাৰী মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষা ড° বনবীণা ব্ৰহ্মই সভাপতিত্ব কৰা সভাখনত বন্তি প্ৰজ্জ্বলনেৰে কাৰ্যসূচীৰ শুভ উদ্বোধন কৰে মহাবিদ্যালয়খনৰ অধ্যক্ষ ড° ডিমাছাদিব্ৰাং মছাহাৰীয়ে। মহাবিদ্যালয়ৰ প্ৰায় দুই শতাধিক ছাত্র-ছাত্ৰী, অধ্যাপিকাসকলে অংশগ্ৰহণ কৰা উক্ত আলোচনাখনত সমল ব্যক্তি হিচাবে কোকৰাঝাৰ ৰূপনাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয়ৰ মানসিক ৰোগ বিশেষজ্ঞ ডাঃ শ্ৰুতি শৰ্মা আৰু মনোবিজ্ঞানী ডাঃ উদাংশ্ৰী বসুমতাৰীয়ে অংশগ্ৰহণ কৰি আত্মহত্যাৰ প্ৰৱণতা কিহৰ বাবে বৃদ্ধি পাইছে তথা ইয়াৰ পৰা যুৱ প্ৰজন্মক কেনেদৰে ৰক্ষা আৰু আত্মহত্যা কেনেকৈ ৰোধ কৰিব পাৰি তাৰ ওপৰত বিতং তথ্য সমন্বিত পৰামৰ্শ আগবঢ়ায় ৷

আলোচনা চক্ৰখনত অৱসৰপ্ৰাপ্ত অধ্যাপিকা ক্ৰমে ড° উল্কা মণ্ডল, ৰাজশ্ৰী নাথ,অঞ্জলী বসুমতাৰীয়ে বিশিষ্ট ব্যক্তি হিচাবে অংশগ্ৰহণ কৰে ৷ মহিলা কোষৰ আহ্বায়ক ড° দীপা দে’য়ে উদ্দেশ্য ব্যখ্যা কৰা সভাখনত উদ্বোধনী ভাষণত অধ্যক্ষ ড° ডিমাছা দিব্ৰাং মছাহাৰীয়ে নাৰীক সমাজৰ চালিকাশক্তি বুলি অভিহিত কৰি এগৰাকী নাৰীয়ে এখন ঘৰৰ পৰা এখন দেশ সুশৃংখলাবদ্ধভাৱে পৰিচালনা কৰিব পাৰে বুলি মন্তব্য কৰে ৷ তেওঁলোকৰ শক্তি,সাহস,ধৈৰ্য অপৰিসীম বাবেই নাৰীসকল সদায় নমস্য ৷ মহাবিদ্যালয়খনৰ মহিলা কোষে সাম্প্ৰতিক সময়ত সংঘটিত হৈ থকা ঘটনা পৰি ঘটনাৰ ওপৰত সজাগতা অনাৰ বাবে লোৱা পদক্ষেপক শলাগ লয় ড° ডিমাছা দিব্ৰাং মছাহাৰীয়ে।

কোকৰাঝাৰ চৰকাৰী মহাবিদ্যালয়ত দুদিনীয়াকৈ আন্ত:ৰ্জাতিক নাৰী দিৱস...
'কা'ৰ বিৰুদ্ধে ধেমাজিত জিলা ছাত্ৰ সন্থাৰ বিশাল বাইক ৰেলী...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in