Advertisment

প্ৰাক্তন শিক্ষক, সমাজকৰ্মী, সংগঠক,  টিকাৰাম সুবেদীৰ ইহলীলা সম্বৰণ...

প্ৰাক্তন শিক্ষক,সমাজকৰ্মী, সংগঠক টিকাৰাম সুবেদীয়ে বাৰ্ধক্যজনিত কাৰণত আজি ৰাতিপুৱা প্ৰায় ৫:৩০ বজাত কোকৰাঝাৰৰ এখন ব্যক্তিগতখণ্ডৰ নাৰ্ছিংহোমত শেষ নিশ্বাস ত্যাগ কৰে।

author-image
Asomiya Pratidin
New Update
প্ৰাক্তন শিক্ষক, সমাজকৰ্মী, সংগঠক,  টিকাৰাম সুবেদীৰ ইহলীলা সম্বৰণ...

ডিজিটেল সংবাদ কোকৰাঝাৰঃ প্ৰাক্তন শিক্ষক, বিশিষ্ট সমাজকৰ্মী, সংগঠক, প্ৰাক্তন গাঁওবুঢ়া বালাগাঁও নিৱাসী টিকাৰাম সুবেদীয়ে বাৰ্ধক্যজনিত কাৰণত আজি ৰাতিপুৱা প্ৰায় ৫:৩০ বজাত কোকৰাঝাৰৰ এখন ব্যক্তিগতখণ্ডৰ নাৰ্ছিংহোমত শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৪ বছৰ।

Advertisment

তেওঁৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে অজস্ৰ গুণমুগ্ধই চিকিৎসালয় আৰু তেওঁৰ বালাগাঁওস্থিত বাসগৃহত ভিৰ কৰে আৰু মৃতকৰ প্ৰতি অন্তিম শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। উল্লেখ্য যে মৃদুভাষী,  অমায়িক টিকাৰাম সুবেদী দীৰ্ঘদিনৰ পৰা বাৰ্ধক্যজনিত ৰোগত ভূগি আছিল।

সেই অনুসৰি মঙলবাৰে গুৰুতৰভাৱে অসুস্থ হোৱাত পৰিয়ালৰ লোকে তেওঁক কোকৰাঝাৰৰ এখন ব্যক্তিগতখণ্ডৰ নাৰ্ছিংহোমত ভৰ্তি কৰে। আজি ৰাতিপুৱা প্ৰায় ৫:৩০ বজাত চিকিৎসাধীন অৱস্থাতে টিকাৰাম সুবেদীয়ে ইহলীলা সম্বৰণ কৰে।

মৃত্যুৰ সময়ত তেওঁ তিনি পুত্ৰ, বোৱাৰী, নাতি-নাতিনী আৰু অসংখ্য গুণমুগ্ধক ইহসংসাৰত এৰি থৈ যায়। আনহাতে টিকাৰাম সুবেদীৰ মৃত্যুৰ বাতৰি লাভ কৰি চিকিৎসালয়ত আৰু তেওঁৰ বাসগৃহত অজস্ৰ গুণমুগ্ধই ভিৰ কৰে ।

সেই অনুসৰি  সদৌ অসম গোৰ্খা সন্মিলনীৰ বিটিএডি ক্ষেত্ৰীয় সমিতিৰ সভাপতি প্ৰদীপ কেচি,  সম্পাদক কৃষ্ণ থাপা,  কোকৰাঝাৰ জিলা গোৰ্খা সন্মিলনীৰ সভাপতি ৰাম বাবু থাপা, কোকৰাঝাৰ জিলা নেপালী সাহিত্য সভাৰ সভাপতি বজ্ৰপ্ৰসাদ উপাধ্যায়, অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ উপ-সভাপতি শ্বৰীফ হাসান, কোকৰাঝাৰ মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ সভাপতি মিনুবালা ব্ৰহ্ম, সম্পাদক জাকিৰ হুছেইন, বঙাইগাঁও জিলা গোৰ্খা সন্মিলনীৰ সভাপতি শ্যাম উপাধ্যায়, সম্পাদক পুষ্প নেপাল আদিকে ধৰি বহুসংখ্যক বিশিষ্ট ব্যক্তিয়ে মৃতকৰ প্ৰতি শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে।

ইপিনে বিয়লি বালাগাঁওস্থিত গৌৰাং নদীৰ শ্মশানঘাটত অজস্ৰ গুণমুগ্ধৰ উপস্থিতিত টিকাৰাম সুবেদীৰ শেষকৃত্য সম্পন্ন কৰা হয়।

কোকৰাঝাৰ