/asomiyapratidin/media/media_files/2025/05/05/XuH9ZEqpKfP4x6CDLFyl.jpg)
ডিজিটেল সংবাদ, চিৰাং: মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পানবাৰী ৰেঞ্জৰ ভিতৰচৰাত চোৰাং চিকাৰীৰ দ্বাৰা বন্যহস্তী নিধনৰ ঘটনাৰ সৈতে জড়িত তিনি চোৰাং চিকাৰীক চিৰাং জিলা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰ চোৰাং চিকাৰী তিনিজন ক্ৰমে জাবিদ বৰগয়াৰী, মহেশ ইশ্লাৰী আৰু জৰণ বসুমতাৰী।
গ্ৰেপ্তাৰ তিনি চোৰাং চিকাৰীৰ জিম্মাৰ পৰা দুটা হস্তনিৰ্মিত বন্দুক, বুজন পৰিমানৰ বিষ্ফোৰক সামগ্ৰী, দুটা ৱাকী-টকী, তিনিটা মোবাইল ফোন আৰু চোৰাং চিকাৰ কাৰ্য্যত ব্যৱহৃত বহু সামগ্ৰী জব্দ কৰে। প্ৰাপ্ত খবৰ অনুসৰি এক গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত দেওবাৰে চিৰাং জিলাৰ আৰক্ষী অধীক্ষক অক্ষ্যত গাৰ্গৰ নেতৃত্বত চিৰাং আৰক্ষীৰ বৃহৎ এটা দলে চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্ত আমগুৰী থানা এলেকাত অভিযান চলাই এই চোৰাং চিকাৰী তিনিজনক দেওবাৰে আটক কৰিছিল।
আটক কৰাৰ পিছত চিৰাং আৰক্ষীয়ে সোধপোছ কৰাৰ পিছত নিশ্চিত হয় যে তিনিদিন আগত মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পানবাৰী ৰেঞ্জত যি তিনিটা হাতীক গুলীয়াই হত্যা কৰি দাঁত কাটি লৈ গৈছিল উক্ত ঘটনাত প্ৰত্যক্ষভাৱে জড়িত আছিলে এই দুৰ্ধৰ্ষ চোৰাং চিকাৰী তিনিজন ক্ৰমে জাবিদ বৰগয়াৰী, মহেশ ইশ্লাৰী আৰু জৰণ বসুমতাৰী। তাৰ পিছতেই এই তিনিজন চিকাৰীক গ্ৰেপ্তাৰ কৰা হয়।
ধৃত চোৰাং চিকাৰী তিনিজনৰ বিৰুদ্ধে পূৰ্বেও বন্যজীৱ হত্যা কৰাৰ অভিযোগ আছে। গ্ৰেপ্তাৰ কৰা চোৰাং চিকাৰী চক্ৰটোৰ সৈতে আৰু কেইবাজনো সদস্য জড়িত থকাৰ তথ্য চিৰাং আৰক্ষীয়ে লাভ কৰিছে আৰু তেওঁলোকৰ বিৰুদ্ধেও অভিযান আৰক্ষীয়ে অব্যাহত ৰাখিছে।
কিন্তু সমগ্ৰ ঘটনা সন্দৰ্ভত বিভিন্ন অজুহাত দেখুৱাই চিৰাং আৰক্ষীয়ে সংবাদ মাধ্যমৰ আগত আনুষ্ঠানিক ভাবে কোনো তথ্য সদৰি কৰাৰ পৰা বিৰত আছে। বিটিচিৰ বনবিভাগৰ কাৰ্য্যবাহী সদস্য ৰঞ্জিত বসুমতাৰীৰ গৃহ জিলাতেই চোৰাং চিকাৰীৰ দ্বাৰা বনৰীয়া হাতীক গুলীয়াই হত্যা কৰা ঘটনা সংঘটিত হোৱাৰ পিছতো কাৰ্য্যবাহী সদস্যজনে কোনো ধৰণৰ প্ৰতিক্ৰিয়া সংবাদ মাধ্যমত প্ৰকাশ নকৰাত প্ৰকৃতিপ্ৰেমী দল সংগঠনে আশ্চৰ্য্য প্ৰকাশ কৰিছে।
এইক্ষেত্ৰত বিটিচি প্ৰধান প্ৰমোদ বড়োৰ পোনপটিয়া হস্তক্ষেপ দাবী কৰিছে আৰু বন্যজীৱ জন্তুৰ সুৰক্ষা নিশ্চিত কৰিবলৈ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে।