অব্যাহত আছে বঙাইগাঁও শোধনাগাৰৰ পৰা তেল পৰিবাহী ৰে’লৰ পৰা তেল চোৰঃ তিনি চোৰক গ্ৰেপ্তাৰ

চিৰাং জিলাৰ ঢালিগাঁওস্থিত বঙাইগাঁও শোধনাগাৰৰ পৰা নিশা ওলাই যোৱা তেল কঢ়িয়াই নিয়া ৰে’লৰ পৰা তেল চুৰি কৰা চক্ৰ পুনৰ সক্ৰিয় হৈ উঠিছে। এই চক্ৰৰ তিনিজনত গ্ৰেপ্তাৰ।

author-image
Asomiya Pratidin
New Update
অব্যাহত আছে বঙাইগাঁও শোধনাগাৰৰ পৰা তেল পৰিবাহী ৰে’লৰ পৰা তেল চোৰঃ তিনি চোৰক গ্ৰেপ্তাৰ

ডিজিটেল সংবাদ, চিৰাং: চিৰাং জিলাৰ ঢালিগাঁওস্থিত বঙাইগাঁও শোধনাগাৰৰ পৰা নিশা ওলাই যোৱা তেল কঢ়িয়াই নিয়া ৰেলৰ পৰা তেল চুৰি কৰা চক্ৰ পুনৰ সক্ৰিয় হৈ উঠিছে। লক্ষ্যনীয় বিষয় যে বঙাইগাঁও শোধনাগাৰৰ পৰা ওলাই যোৱা তেল পৰিবাহী ৰেলখন কেইবা মিনিটৰ ভিতৰত ডাংতল ৰেলষ্টেচন পাব লাগে।

Advertisment

কিন্তু ৰেলখন ডাংতল ষ্টেচন পোৱাৰ আগতে অধিকাংশ সময় কাৰিকৰ কাৰণত মাজপথত ৰাখিবলগীয়া হয়। সেই সময়ছোৱাতে ডাংতল,  নীলিবাৰী, বৰপথাৰ অঞ্চলত সক্ৰিয় হৈ থকা ৰেলৰ পৰা তেল চুৰি চক্ৰৰ দুৰ্ধৰ্ষ সদস্যসকলে বিভিন্ন ধৰনৰ সা-সামগ্ৰী লৈ ওলাই আহি নিশা সুযোগ লৈ মুহূৰ্তৰ ভিতৰতে হাজাৰ হাজাৰ লিটাৰ তেল চোৰ কৰে।  

যোৱা ১১ মে পুৱতি নিশা ডাংতল-নীলিবাৰী এলেকাত অনুৰূপ ধৰনে তেল পৰিবাহী ৰেলৰ পৰা তেল চুৰি চক্ৰটোৱে বুজন পৰিমানৰ তেল চুৰি কৰিছিল। ৰাতিপুৱা এই খবৰ লাভ কৰি কাজলগাঁও থানাৰ আৰক্ষীয়ে ডাংতল আৰক্ষী চকীৰ অন্তৰ্গত ডাংতল ৰেল পথৰ কাষৰ জংঘলত লুকুৱাই ৰখা চোৰাং তেল ভৰ্তি ২২০ লিটাৰৰ সাতটা ড্ৰাম জব্দ কৰে।

তাৰ পিছতেই কাজলগাঁও থানাৰ আৰক্ষীয়ে তেল চুৰি চক্ৰৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰে। ইপিনে আৰক্ষী অভিযানৰ খবৰ লাভ কৰি তেল চুৰি চক্ৰৰ সদস্যসকলে পলায়ন কৰে। অৱশ্যে উক্ত তেল চুৰি চক্ৰৰ সৈতে জড়িত তিনিজন তেল চোৰক নিশা আটক কৰে।

আটক কৰা তেল চোৰ তিনিজন ক্ৰমে ডাংতলৰ বাবুল বনিক্য(৩৫), আমিৰ শ্বেখ(৩৩) আৰু নাজমুল আলী (২১) বুলি আৰক্ষী ফালৰ পৰা জানিবলৈ দিয়ে। এই তিনিজনৰ বিৰুদ্ধে কাজলগাঁও থানাত ৭৩/২০২৫ নম্বৰৰ গোচৰ পঞ্জীয়ন কৰি তেওঁলোকক ইতিমধ্যেই গ্ৰেপ্তাৰ কৰিছে।

একাংশৰ মতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা তিনিজনৰ ভিতৰত ৰেলৰ পৰা তেল চুৰি কাণ্ডৰ সৈতে প্ৰত্যক্ষ ভাবে জড়িত আছে মাত্ৰ এজন। প্ৰকৃত চোৰসকলক আৰক্ষীৰ লোকে আটক কৰিবলৈ সক্ষম হোৱা নাই।

উল্লেখযোগ্য যে বঙাইগাঁও শোধনাগাৰৰ পৰা তেলৰ পৰিবাহী ৰেল ওলাই অহাৰ সময়ত ঢালিগাঁৱৰ শোধনাগাৰৰ পৰা ডাংতল পৰ্য্যন্ত ৰেলপথত সশস্ত্ৰ আৰ পি এফ বাহিনীৰ কটকটীয়া নিৰাপত্তা ব্যবস্থা থাকে। তৎসত্ত্বেও তেল পৰিবাহী ৰেলৰ পৰা কেনেকৈ চোৰে তেল চুৰি কৰিবলৈ সক্ষম হয় তাকে লৈ ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে।

সামান্তৰাল ভাবে আৰক্ষীৰ বিৰুদ্ধেও এই তেলচুৰি চক্ৰৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপিত হৈছে। ৰেল সম্পত্তি সুৰক্ষাৰ দায়িত্বত থকা আৰ পি এফৰ ৰহস্যজনক ভূমিকাক লৈয়ো এতিয়া সাধাৰণ জনতাৰ মাজত প্ৰশ্ন উত্থাপন হৈছে।

এই ৰেলৰ পৰা তেল চুৰি চক্ৰটোক ৰক্ষণাবেক্ষণ দিবলৈ বিভিন্ন পক্ষক তোষামোদ কৰি উৎকোচৰ ব্যৱস্থা কৰি দিয়া আদি কাম এলেকাৰ একাংশ তথাকথিত পৰ্টেল সংবাদ কৰ্মীসকলে কৰি থাকে বুলি জানিব পৰা গৈছে।

তেল চোৰ চিৰাং