ৰৌতা আৰক্ষীৰ সফলতাঃ দুই গভাইত চোৰক গ্ৰেপ্তাৰ, চুৰি অলংকাৰ উদ্ধাৰ...

ৰৌতা আৰক্ষীয়ে এক বৃহৎ সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। দীৰ্ঘদিন ধৰি সন্ত্ৰাস চলাই থকা দুটাকৈ গভাইত চোৰক আটক কৰি চৰি সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ৰৌতা আৰক্ষীয়ে। 

author-image
Tushar Pratim
New Update
ৰৌতা আৰক্ষীৰ সফলতাঃ দুই গভাইত চোৰক গ্ৰেপ্তাৰ, চুৰি অলংকাৰ উদ্ধাৰ...

ডিজিটেল সংবাদ ওৰাং: ৰৌতা আৰক্ষীয়ে এক বৃহৎ সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। দীৰ্ঘদিন ধৰি সন্ত্ৰাস চলাই থকা দুটাকৈ গভাইত চোৰক আটক কৰিবলৈ সক্ষম হৈছে ৰৌতা আৰক্ষীয়ে। 

উল্লেখ্য যে, দিনচেৰেক পূর্বে ৰৌতাত একেদিনাই চাৰিটা বাসগৃহত সংঘটিত হৈছিল চুৰিকাণ্ড। ঘটনা সংঘটিত হোৱাৰ পিছতেই ৰৌতা আৰক্ষীয়ে চোৰৰ সন্ধান বিচাৰি আৰম্ভ কৰিছিল অভিযান। 

অভিযানত আৰক্ষীয়ে কৰায়ত্ত কৰিবলৈ সক্ষম হৈছিল ৰৌতাৰ আমিনপাৰা গাঁৱৰ ছাইদুৰ ৰহমান আৰু ৩নং বৰুৱাঝাৰ গাঁৱৰ আব্দুৰ ৰহমান নামৰ দুটা গভাইত চোৰক। তাৰ পিছতেই ৰৌতা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া উদ্যগ বসুমতাৰী আৰু এল মহেন্দ্ৰ সিংৰ নেতৃত্বত চলিছিল মাৰাথন জেৰা। 

আৰক্ষী বিষয়া এল মহেন্দ্ৰ সিংৰ জেৰাৰ অন্তত ছাইদুৰ আৰু আব্দুৰৰ স্বীকাৰোক্তিত আব্দুৰ ঘৰৰ পৰা অন্যান্য চুৰি সোণৰ আ-অলংকাৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৰৌতা আৰক্ষীয়ে। জানিব পৰা মতে আৰক্ষীৰ জোৰদাৰ তদন্তত বহু তথ্য লাভ কৰিবলৈ সক্ষম হৈছে। 

পিছত চোৰ দুটাক ৰৌতা আৰক্ষীয়ে 53/2025 নম্বৰৰ গোচৰৰ আধাৰত ভাৰতীয় ন্যায় সংহিতাৰ U/S-303(2) ধাৰাৰ অধীনত গোচৰ পঞ্জীয়ন কৰি জে’ল হাজোতলৈ প্ৰেৰণ কৰে।

ওৰাং ৰৌতা