/asomiyapratidin/media/media_files/2025/04/17/fsvl9pgQVvwoVK5uBpWy.jpg)
ডিজিটেল সংবাদ, চিৰাং: বহিঃৰাজ্যৰ পৰা অসমলৈ সামগ্ৰী কঢ়িয়াই অনা ট্ৰাক-কণ্টেইনাৰসমূহত বিভিন্ন কৌশল অৱলম্বন কৰি চুৰি বা ডকাইতি কাণ্ড সংঘটিত কৰা এটা সংঘবদ্ধ অপৰাধী চক্ৰৰ তথ্য সম্প্ৰতি চিৰাং আৰক্ষীৰ এক সফল অনুসন্ধানত পোহৰলৈ আহিছে। এই সংঘবদ্ধ অপৰাধী চক্ৰটোত জড়িত হৈ আছে অসমৰ কেইবাখনো জিলাৰ কুখ্যাত অপৰাধীৰ দল।
চলিত মাহতে কলকাতাৰ পৰা গুৱাহাটী অভিমুখী হিন্দুস্তান ইউনিলিভাৰৰ ৩৬ লাখ টকা মূল্যৰ প্ৰসাধন সামগ্ৰী কঢ়িয়াই নিয়া বাহনত সংঘটিত হোৱা চুৰিকাণ্ড ঘটনাৰ অনুসন্ধান আৰু তদন্তৰ পিছত চিৰাং জিলাৰ ৰুণীখাতা থানাৰ আৰক্ষীয়ে উক্ত চুৰিকাণ্ড ঘটনাৰ সৈতে জড়িত বিভিন্ন জিলাৰ পৰা মুঠ ছগৰাকী অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। বৰপেটা, বঙাইগাঁও আৰু চিৰাং জিলাৰ বিভিন্ন ঠাইৰ অপৰাধী চক্ৰৰ সদস্যসকলৰ দ্বাৰা গঠিত এটা সংঘবদ্ধ চোৰাং চক্ৰটোৱে ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা অসমলৈ সামগ্ৰী কঢ়িয়াই অনা ট্ৰাক বা কণ্টেইনাৰসমূহক লক্ষ্য কৰি নতুন নতুন কৌশল অৱলম্বন কৰি চুৰি বা ডকাইতি কাণ্ড সংঘটিত কৰি আহিছে।
জানিব পৰা মতে এই সমগ্ৰ অপৰাধ কাণ্ডৰ পৰিকল্পনা ৰচনা হয় বৰপেটা জিলাৰ কিছু নিৰ্দিষ্ট এলেকাৰ পৰা। এনেধৰনৰ ঘটনাত কেতিয়াবা বহিঃৰাজ্যৰ চালকে নিজৰ জীৱন হেৰুৱাব লগা ঘটনা সংঘটিত হয়। আৰক্ষী সূত্ৰই সদৰি কৰা মতে এই সংঘবদ্ধ চুৰিকাণ্ড নেটৱৰ্কৰ সদস্য কোকৰাঝাৰ আৰু ধুবুৰী জিলাৰ অসম-পশ্চিমবঙ্গ সীমান্তৰ পৰা আৰম্ভ কৰি চিৰাং, বঙাইগাঁও, বৰপেটা জিলালৈ সিচঁৰিত হৈ আছে।
এই চুৰি চক্ৰৰ সদস্যসকলে প্ৰথমে বিভিন্ন পৰিবহন সংস্থাৰ অধীনত চালক হিচাপে নিয়োজিত হয়। তাৰ পিছতেই তেওঁলোকে বাকী জিলাৰ সদস্যসকলৰ সৈতে মিলি এক সংঘবদ্ধ পৰিকল্পনা অনুসৰি সামগ্ৰী কঢ়িয়াই অনা ট্ৰাক বা কণ্টেইনাৰসমূহত থকা লাখ লাখ টকা মূল্যৰ সামগ্ৰী চোৰ কৰে।
বহু সময়ত বহিঃৰাজ্যৰ চালকৰ সৈতে বন্ধুত্বপূৰ্ণ সম্পৰ্ক গঢ়ি তুলি এই চক্ৰটোৱে চুৰি বা ডকাইতি কৰাৰ নজিৰ আছে। উল্লেখ্য যে যোৱা ৮ এপ্ৰিল তাৰিখে চিৰাং জিলাৰ ৰুণীখাতা থানাৰ আৰক্ষীয়ে এক বিশেষ সূত্ৰৰ পম খেদি ভাৰত-ভূটান সীমান্ত থাইকাঝোৰা গাঁৱত অভিযান চলাই সৌমখৌৰ বসুমতাৰী নামৰ এজন কুখ্যাত অপৰাধীৰ বাসগৃহৰ পৰা বহিঃৰাজ্যৰ পৰা অসমলৈ সামগ্ৰী কঢ়িয়াই অনা কণ্টেইনাৰৰ পৰা চুৰি হোৱা ৩৬ লাখ টকা মূল্যৰ প্ৰসাধন সামগ্ৰী উদ্ধাৰ কৰিছিল।
উক্ত চুৰিকাণ্ড সংঘটিত হোৱাৰ কণ্টেইনাৰখনৰ চালক বৰপেটা জিলাৰ কলগাছিয়াৰ ৰূপচান্দ আলী, ইমামুল হাকিমক আৰু ৰুণীখাতাৰ ছৌমখৌৰ বসুমতাৰীক গ্ৰেপ্তাৰ কৰে চুৰি সামগ্ৰী মজুত ৰখাৰ অপৰাধত আৰু আজি আদালতত হাজিৰ কৰি আৰক্ষীয়ে তদন্তৰ খাতিৰত আৰক্ষীয়ে নিজৰ জিম্মাত লয়।
তেওঁলোকক কৰা সোধপোছৰ অন্তত তেওঁলোকৰ ভাষ্যৰ ভিত্তিতে ৰুণীখাতা থানাৰ আৰক্ষীয়ে বৰপেটা থানাৰ এলেকাত অভিযান চলাই ৰূপ খান নামৰ আন এজন অভিযুক্তক গ্ৰেপ্তাৰ কৰে। তাৰ পিছত চিৰাং জিলাৰ কাজলগাঁও থানা এলেকাৰ পৰা ৰেজাক আলী আৰু বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ পৰা ছিৰাজুল হক নামৰ আন এজন অপৰাধ চক্ৰৰ সদস্যক গ্ৰেপ্তাৰ কৰে।
এতিয়ালৈকে এই সমগ্ৰ চুৰিকাণ্ডৰ সৈতে ৰুণীখাতা থানাৰ আৰক্ষীয়ে মুঠ ছয়জনক গ্ৰেপ্তাৰ কৰিছে যদিও এই চুৰিকাণ্ডৰ সৈতে জড়িত আৰু কেইবাজনো সদস্য বৰ্তমানেও পলাতক হৈ আছে। এই পলাতক অভিযুক্ত কেইজনক গ্ৰেপ্তাৰ কৰিবলৈ আৰক্ষীৰ অভিযান অব্যাহত আছে বুলি আৰক্ষী ফালৰ পৰা সদৰি কৰা হৈছে।
ৰুণীখাতা থানাৰ আৰক্ষীয়ে পূৰ্বৰ তিনিজনৰ সৈতে নতুনকৈ গ্ৰেপ্তাৰ কৰা বাকী তিনিজনক কাজলগাঁও সত্ৰ ন্যায়াধীশ আদালতত হাজিৰ কৰে আৰু আদালতে ছয় জনকে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে।