বিশ্বাসঘাতক শীল ! কোকৰাঝাৰৰ চাঞ্চল্যকৰ হত্যাকাণ্ডৰে জড়িত শম্ভূ কাহাৰক গ্ৰেপ্তাৰ

মাজে-সময়ে শীলে তপন চক্ৰৱৰ্তীৰ ঘৰৰ কিছু কাম কৰাৰ লগতে বজাৰ-সমাৰ আদিও কৰি দিছিল। ধনৰ লোভতে হত্যা কৰাৰ কথা স্বীকাৰ অভিযুক্ত শম্ভূ কাহাৰ ওৰফে শীলৰ
বিশ্বাসঘাতক শীল ! কোকৰাঝাৰৰ চাঞ্চল্যকৰ হত্যাকাণ্ডৰে জড়িত শম্ভূ কাহাৰক গ্ৰেপ্তাৰ

ডিজিটেল সংবাদ,কোকৰাঝাৰ : বিশ্বাসেই হ'ল কাল ! অচিন কাঠৰ থোৰা লগাবলৈ গৈ নিজৰ বিপদ মাতি আনিলে সম্ভ্ৰান্ত দম্পতিয়ে। ভাবিছিল- পুত্ৰ-কন্যা নথকা ঘৰখনত শীল নামৰ ব্যক্তিগৰাকীয়ে হ'ব তেওঁলোকৰ লাখুটিসদৃশ। এই ঘটনা কোকৰাঝাৰৰ। কোকৰাঝাৰ সদৰ চহৰৰ বিধানপল্লীত যোৱা ২৯ নৱেম্বৰত সংঘটিত হৈছিল এক ভয়ংকৰ হত্যাকাণ্ড। এই ঘটনাৰ অভিযোগত নাম সাঙোৰ খাইছিল শম্ভূ কাহাৰ নামৰ এজন ব্যক্তিৰ।

শুকুৰবাৰে আবেলি কোকৰাঝাৰ আৰক্ষীয়ে অভিযুক্ত কাহাৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। কোকৰাঝাৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (অপৰাধ অনুসন্ধান শাখা) পৃথ্বীৰাজ ৰাজখোৱাৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটা দলে পশ্চিমবংগৰ কটোৱালী থানাৰ অন্তৰ্গত কোচবিহাৰৰ পৰা গ্ৰেপ্তাৰ কৰে কৃষি বিভাগৰ অৱসৰপ্ৰাপ্ত বিষয়া তপন চক্ৰৱৰ্তী (৭২)ৰ হত্যাকাণ্ডৰ সতে জড়িত শম্ভূ কাহাৰ ওৰফে শীলক।

দুৰ্বৃত্তই কৃষি বিভাগৰ অৱসৰপ্ৰাপ্ত বিষয়া তপন চক্ৰৱৰ্তী আৰু তেওঁৰ পত্নী তথা ডি এন হিম্মৎসিংকা হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী মধুমিতা বেনাৰ্জীক (৬৫) চোকা অস্ত্ৰৰে আক্ৰমণ কৰিছিল। দুৰ্বৃত্তৰ চোকা অস্ত্ৰৰ আক্ৰমণত ডিঙিত গুৰুতৰ আঘাত পোৱা তপন চক্ৰৱৰ্তীয়ে কৰুণ মৃত্যুক সাৱটি লৈছিল আৰু মধুমিতা বেনাৰ্জী বঙাইগাঁৱৰ এখন ব্যক্তিগতখণ্ডৰ নাৰ্ছিংহোমত আজিও সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে ।

দম্পতিৰ পুত্ৰ বাংগালুৰুত আৰু কন্যা আমেৰিকাত থকাৰ সময়তে নিজ গৃহতে এনে লোমহৰ্ষক ঘটনা সংঘটিত হোৱাত চাঞ্চল্যৰ সৃষ্টি হৈছিল । ঘটনাস্থলীত জিলা আৰক্ষী অধীক্ষক পুষ্পৰাজ সিং, অতিৰিক্ত আৰক্ষী অধীক্ষক (অপৰাধ অনুসন্ধান শাখা) পৃথ্বীৰাজ ৰাজখোৱা উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছিল আৰু ঘটনাস্থলীৰ পৰা ঘাতকে ব্যৱহাৰ কৰা দা এখন উদ্ধাৰ কৰিছিল ।

কোকৰাঝাৰ সদৰ থানাত ৰজু হোৱা গোচৰ (নং 396/2023)মৰ্মে ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা 448/326/307/302/380 অনুসৰি আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে। সেইমতে কোকৰাঝাৰ জিলা আৰক্ষী অধীক্ষক পুষ্পৰাজ সিংৰ নিৰ্দেশত অতিৰিক্ত আৰক্ষী অধীক্ষক (অপৰাধ অনুসন্ধান শাখা) পৃথ্বীৰাজ ৰাজখোৱাৰ নেতৃত্বত আৰক্ষীৰ এটা দল অপৰাধীক কৰায়ত্ব কৰিবলৈ পশ্চিমবংগৰ কোচবিহাৰৰ যাত্ৰা কৰে।

শুকুৰবাৰে বিয়লি আৰক্ষীয়ে অভিযুক্ত শীলক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। পশ্চিমবংগৰ পৰা কাহিলীপুৱা শীলক লৈ কোকৰাঝাৰত উপস্থিত হয় কোকৰাঝাৰ আৰক্ষী।

আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱা অভিযুক্ত বৰ্তমান আৰক্ষীৰ জিন্মাত আছে। অধিক তথ্যৰ সন্ধানত অভিযুক্ত শীলক সোধা-পোছা অব্যাহত ৰাখিছে। ইপিনে কোকৰাঝাৰৰ চাঞ্চল্যকৰ তথা নৃশংস হত্যাকাণ্ডৰ হত্যাকাৰীক গ্ৰেপ্তাৰ সন্দৰ্ভত আজি কোকৰাঝাৰ আৰক্ষীয়ে এক সংবাদমেলৰ আয়োজন কৰে ।

সংবাদমেলত সম্বোধন কৰি অতিৰিক্ত আৰক্ষী অধীক্ষক (অপৰাধ অনুসন্ধান শাখা) পৃথ্বীৰাজ ৰাজখোৱাই সদৰী কৰামতে ডকাইতৰ উদ্দেশ্যৰে জঘন্য হত্যাকাণ্ডটো সংঘটিত হৈছিল । সংবাদমেলত তেওঁ কয়- আটকাধীন অভিযুক্তৰ ধন -সোণ লুট কৰাৰ পৰিকল্পনা আছিল ।

অভিযুক্ত শীল মৃত তপন চক্ৰৱৰ্তীৰ সতে পৰিচিত আছিল ৷ দুয়োৰে মাজত মোবাইলত কথা-বতৰাও হোৱাৰ তথ্যও আৰক্ষীয়ে লাভ কৰিছে ৷ পশ্চিমবংগৰ কটোৱালী থানাতো অভিযুক্ত শীলৰ বিৰুদ্ধে কেবাটাও গোচৰ ৰজু হৈ আছে।

কোকৰাঝাৰতো চুৰি -ডকাইতৰ সতে জড়িত থকাৰ সম্ভেদ লাভ কৰা বুলি অতিৰিক্ত আৰক্ষী অধীক্ষকে সদৰী কৰে । তদন্তৰ স্বাৰ্থত সকলো তথ্য প্ৰকাশ কৰাৰ পৰা বিৰত থাকে যদিও সকলো তথ্য ওলাই পৰিব বুলি মন্তব্য কৰে অতিৰিক্ত আৰক্ষী অধীক্ষক ৰাজখোৱাই ।

ইতিমধ্যে অভিযুক্তই নিজৰ অপৰাধৰ কথা স্বীকাৰ কৰা বুলি জানিব পৰা গৈছে।আৰক্ষীয়ে অভিযুক্ত শীলক আদালতত হাজিৰ কৰাই আৰক্ষী জিন্মাত বিচাৰিব বুলি জানিব পৰা গৈছে। উল্লেখ্য যে,শীলে মাজে-সময়ে মৃত তপন চক্ৰৱৰ্তীৰ ঘৰৰ কিছু কাম কৰাৰ লগতে ঘৰৰ শাক-পাচলিৰ বজাৰ-সমাৰ আদিও কৰি দিছিল ৷

তেনেকৈয়ে বিশ্বাসভাজন হৈ পৰা শীলে ধন-সোণৰ লোভত চক্ৰৱৰ্তী দম্পতিৰ ওপৰতে আক্ৰমণ কৰে আৰু ফলত তপন চক্ৰৱৰ্তীয়ে অতি কৰুণ মৃত্যুক সাৱটি লব লগা হয়। চক্ৰৱৰ্তী দম্পতিৰ পুত্ৰ -কন্যা বাহিৰত থকাত শীলক বুঢ়া কালৰ লাখুটি হিচাপে লৈ কৰা বিশ্বাসৰ কৰুণ পৰিণতি যে মৃত্যু হ'ব সেয়া হয়তো সপোনৰো অগোচৰ আছিল। আনহাতে অভিযুক্ত শীলৰ চৰম শাস্তি সকলোৱে কামনা কৰিছে।

বিশ্বাসঘাতক শীল ! কোকৰাঝাৰৰ চাঞ্চল্যকৰ হত্যাকাণ্ডৰে জড়িত শম্ভূ কাহাৰক গ্ৰেপ্তাৰ
বিজেপিৰ প্ৰাৰ্থী হ'ব অভিনেত্ৰী কংগনা ৰাণাৱট !

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in