/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/436ddec1-0e80-4907-bcb5-91092941f5b6/5bb59f43_baf1_488e_a63f_d9e768e7cbf2.jpg)
ডিজিটেল সংবাদ, চিৰাং : চিৰাং আৰু কোকৰাঝাৰ জিলাৰ সীমান্তৱৰ্তী কাউনীয়াভাষা- মিলমিলিপাৰাত চম্পাৱতী নৈৰ গৰাখহনীয়াৰ পৰা চাৰি পাঁচখনকৈ গাঁওক সুৰক্ষা দিব পৰা শৈল বান্ধৰ লোৰ তাৰ ছিঙি শিল উলিয়াই নিয়াৰ অভিযোগ উত্থাপিত হৈছে গাঁওৰক্ষী বাহিনীৰ সম্পাদকৰ বিৰুদ্ধে। বান্ধটোৰ পৰা শিল উলিয়াই ক্ষতিসাধন কৰি গাঁওৰক্ষী বাহিনীৰ সম্পাদকগৰাকীয়ে ব্যক্তিগত কামত ব্যৱহাৰ কৰা কাৰ্য্যক কেন্দ্ৰ কৰি ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।
স্থানীয় লোকৰ অভিযোগ গাঁওৰক্ষী বাহিনীৰ সম্পাদক বাহাৰ আলীয়ে ৰাইজে বাধা দিয়া সত্বেও শৈল বান্ধৰ যি ধৰণে ক্ষতিসাধন কৰিছে তাৰ ফল ভুগিব লাগিব ভালেকেইখন গাঁৱে। এইবেলি বাৰিষাৰ বতৰত যদি চম্পাৱতী নৈৰ বাঢ়নী পানীয়ে শিলৰ বান্ধটো উটুৱাই লৈ যায় তেনেহ’লে কাউনীয়াভাষা মিলমিলিপাৰাৰ উপৰি নৈৰ নামনি থকা জৰেগাঁও, খাগৰাবাৰী, কূৰ্শাকাটি আদি কৰি কেইবাখনো গাঁৱলৈ ভয়ংকৰ গৰাখহনীয়াৰ ভাবুকি সৃষ্টি কৰিব বুলি আশংকা প্ৰকাশ কৰিছে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/e1bf4534-330a-42e9-b35c-95b72426e823/46008252-5934-4389-b12c-b08ff61b081d.jpg)
উপায়ন্তৰ হৈ গাঁওৰক্ষী বাহিনীৰ সম্পাদক বাহাৰ আলীৰ এই অবিবেচকী কৰ্মকাণ্ডৰ বিৰুদ্ধে অঞ্চলটোৰ শতাধিক ৰাইজ ওলাই আহি গাঁওৰক্ষী বাহিনীৰ সম্পাদকৰ বিৰুদ্ধে ছালাকাটি আৰক্ষী চকীত এখন ৰাজহুৱা এজাহাৰ দাখিল কৰে । স্থানীয় ৰাইজৰ আমন্ত্ৰণ ক্ৰমে বুধবাৰে সাংবাদিকৰ এটা দল কাউনীয়াভাষা মিলমিলিপাৰাত গৈ উপস্থিত হৈ বাতৰি যুগুত কৰাৰ সময়ত ৰাইজে অঞ্চলটোৰ গাঁওৰক্ষী বাহিনীৰ সম্পাদক বাহাৰ আলীৰ বিৰুদ্ধে আৰু কিছু অভিযোগ উত্থাপন কৰে ।
স্থানীয় ৰাইজৰ অভিযোগ- বাহাৰ আলীয়ে শৈল বান্ধৰ শিল উলিয়াই আনি অঞ্চলটোৰ যাতায়াত কৰাৰ এটা মুখ্য পথৰ ওপৰত পেলাই দি যাতায়াত ব্যবস্থা বন্ধ কৰি দিছে । যাৰ ফলত উক্ত এলেকাত সাধাৰণ জনতাৰ উপৰি স্কুল, কলেজৰ ছাত্ৰ ছাত্ৰী সকলৰ যাতায়াতৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি হৈছে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/25e284ff-fbf2-45b7-8f27-83bfa8dc014f/f79611b3-6fac-4c71-beee-c18b3d809cf5.jpg)
মুঠৰ ওপৰত সংবাদ মাধ্যমৰ জৰিয়তে চৰকাৰ তথা প্ৰশাসনক অনুৰোধ জনায় যে চম্পাৱতী নৈৰ গৰাখহনীয়াৰ পৰা অঞ্চলটোক সুৰক্ষা দিবলৈ ২০০৮ চনত পাঁচটাকৈ শৈল বান্ধ নিৰ্মান কৰিছিল। কিন্তু বাহাৰ আলীৰ কৰ্মকাণ্ডই অঞ্চলটোক পুনৰ গৰাখহনীয়াৰ কবলত ঠেলি দিছে সেয়ে ৰাইজৰ স্বাৰ্থত ইয়াৰ বিৰুদ্ধে এটা বিধি ব্যবস্থা গ্ৰহণ কৰিব লাগে ।
ইপিনে বাতৰি যুগুত কৰাৰ সময়ত গাঁওৰক্ষী বাহিনীৰ সম্পাদক বাহাৰ আলীক এই সন্দৰ্ভত প্ৰশ্ন কৰাত তেঁও বাৰিষাৰ পানীত খহি যোৱা নৈৰ পিনে যোৱা পথছোৱা মেৰামত কৰাৰ কাৰণে শিলখিনি ব্যবহাৰ কৰিছিল যিটো তেঁও কৰিব নালাগিছিল বুলি ভুল স্বীকাৰ কৰে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/343fb3e1-961c-49a7-be7f-8f60308d5b8d/b471c491-f3b9-4698-badc-ffea989bce40.jpg)
তাৰ পিছত ছালাকাটি আৰক্ষী লোক আহি গাওঁবাসীৰ সৈতে আলোচনাত বহি বাহাৰ আলীয়ে শৈল বান্ধৰ পৰা উলিয়াই অনা শিল খিনি পুনৰ বহাই মেৰামতি কৰি দিয়াৰ পৰামৰ্শ আগবঢ়ায়। লগতে সমগ্ৰ বিষয়টো লৈ যাতে আগলৈ কোনো হাই কাজিয়া সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিবলৈ দুয়োপক্ষক আহ্বান জনায়।
বাহাৰ আলীয়ে যদি ৰাইজৰ দাবী মতে যদি কাম কৰি নিদিয়ে প্ৰয়োজনত প্ৰশাসনৰ উৰ্দ্ধতন কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰি ইয়াৰ বিধি ব্যবস্থা গ্ৰহণ কৰা হ’ব বুলি জানিবলৈ দিয়ে ।
Also Read: ভাৰত-জিম্বাব'ৱে শৃংখলা : নিতীশৰ স্থানত অলৰাউণ্ডাৰ শিৱম ডুবেক অন্তৰ্ভূক্তি