/asomiyapratidin/media/media_files/2025/03/18/lFh0UlbVqbtd77NPIHEK.jpg)
ডিজিটেল সংবাদ, চিৰাংঃ ২০২৪ চনত ছত্তিশগড়ত নক্সাল উগ্ৰপন্থীৰ সৈতে বীৰত্বৰে যুঁজ দি মাতৃভূমিৰ হকে নিজৰ প্ৰাণ বিসৰ্জন দিয়া চি আৰ পি এফৰ জোৱান বীৰ ছহিদ লম্বোধৰ সিংহৰ চিৰাং জিলাৰ কাকাৰাগাঁৱৰ ভাটিপাৰাস্থিত বাসগৃহত উপস্থিত হয় চি আৰ পি এফৰ নামনি অসমৰ উপ মহাপৰিদৰ্শক সুনন্দ কুমাৰ ।
সোমবাৰে বিয়লিৰ ভাগত চিৰাং জিলাৰ কুকুৰমাৰীস্থিত চি আৰ পি এফৰ ১৫৬ নং বেটেলিয়ানৰ মুখ্য কাৰ্যালয়ৰ পৰা নিয়মীয়া সামাজিক দায়বদ্ধতাৰ অংশ হিচাপে চি আৰ পি এফৰ নামনি অসমৰ উপ মহাপৰিদৰ্শক (অভিযান) সুনন্দ কুমাৰ, ১৫৬ বেটেলিয়ানৰ ভাৰপ্ৰাপ্ত বিষয়া -২ কৈলাশ নাথ, ডি/চি ৰজনীশ কুমাৰ পাঠকসহ চি আৰ পি এফৰ এটা দল বীৰ ছহিদ লম্বোধৰ সিংহৰ বাসগৃহত উপস্থিত হৈ ছহিদ জোৱানৰ বৃদ্ধ পিতৃ মাতৃ আৰু বীৰ নাৰী ( ছহিদ লম্বোধৰ সিংহৰ বিধৱা পত্নী ) লগতে দুই শিশু কন্যাৰ সৈতে মত বিনিময় কৰে।
চি আৰ পি এফৰ উচ্চ পদস্থ বিষয়াৰ দলটোৱে ছহিদ লম্বোধৰ সিংহৰ পৰিয়ালক আশ্বাস প্ৰদান কৰি কয় যে, আপোনালোকৰ সন্তান,স্বামী তথা পিতৃয়ে দেশমাতৃৰ ৰক্ষাৰ হকে নিজৰ প্ৰাণ বিসৰ্জন দি পৃথিৱীৰ পৰা বিদায় মাগিছে । তেখেতৰ অবৰ্তমানত আপোনালোকে নিজকে অকলশৰীয়া বুলি কেতিয়াও নাভাবিব।
কেন্দ্ৰীয় সংৰক্ষিত পুলিচ বাহিনী (চিআৰপিএফ) সদায়েই আপোনালোকৰ কাষত থাকিব। আপোনালোকৰ পৰিয়ালৰ যিকোনো সমস্যা সমাধানৰ হকে চিআৰপিএফ কাম কৰি যাব বুলি আশ্বাস প্ৰদান কৰে চিআৰপিএফৰ নামনি অসমৰ উপ মহাপৰিদৰ্শক সুনন্দ কুমাৰে ।
ঠিক সেইদৰে ছহিদ লম্বোধৰ সিংহৰ পৰিয়ালৰ পৰাও কোনো ধৰনৰ অসুবিধাৰ সন্মুখীন হোৱা নাই বুলি বিষয়াসকলৰ আগত স্বীকাৰোক্তি প্ৰদান কৰে ।চিআৰপিএফৰ পৰা ছহিদ লম্বোধৰ সিংহৰ পৰিয়ালৰ প্ৰতিগৰাকী সদস্যক অসমীয়া ফুলাম গামোছাৰে সম্বৰ্ধনা জনোৱাৰ লগতে কিছু উপহাৰৰ টোপোলা আগবঢ়োৱা হয় ।
ছহিদ লম্বোধৰ সিংহৰ অবৰ্তমানত তেখেতৰ বাসগৃহত চিআৰপিএফৰ উচ্চ পদস্থ বিষয়াৰ দল এটা আহি এইদৰে পৰিয়ালৰ খা-খবৰ ললে আৰু বিভিন্ন ধৰনৰ পৰামৰ্শ তথা ভবিষ্যতেও সহায় সহযোগ কৰাৰ আশ্বাস প্ৰদান কৰি যি মহানুভৱতা দেখুৱালে তাৰ বাবে চিআৰপিএফৰ বিষয়াসকলক ধন্যবাদ জ্ঞাপন কৰে ।