/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/47301a4d-d4b7-4ce3-83df-8c13f40a508b/DURAND 29.jpg)
কোকৰাঝাৰত মঙ্গলবাৰৰ পৰা ঐতিহাসিক ডুৰাণ্ড কাপৰ মেচ...
ডিজিটেল সংবাদ কোকৰাঝাৰঃ ৩০ জুলাই, মঙ্গলবাৰৰ পৰা কোকৰাঝাৰত দ্বিতীয়বাৰৰ বাবে অনুষ্ঠিত হ'ব ঐতিহ্যমণ্ডিত ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতা ৷ প্ৰতিযোগিতাখনি উপলক্ষে আজি নিশা বিটিচি প্ৰধান প্ৰমোদ বড়োয়ে অত্যাধুনিক আন্ত:ৰাষ্ট্ৰীয় মানদণ্ডৰ খেলপথাৰখন মুকলি কৰে।
উল্লেখ্য যে মঙ্গলবাৰে দিনৰ ঠিক ৪ বজাৰ পৰা অনুষ্ঠিত হ'ব কোকৰাঝাৰৰ ছাই ষ্টেডিয়ামত ফুটবলৰ এই মহাৰাণ। ইয়াৰ পূৰ্বে ২ বজাৰ পৰা অনুষ্ঠিত হ'ব উদ্বোধনী অনুষ্ঠান ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/b3f70627-b0ad-4ba0-a59c-ca3cccee5a3e/512837ca-1f43-4914-9eb3-b1461e117656.jpg)
উদ্বোধনী অনুষ্ঠানত বাৰেৰহনীয়া সাংস্কৃতিক আৰু প্ৰদৰ্শনীমূলক কাৰ্যসূচী পৰিৱেশন কৰা হ'ব। মঙ্গলবাৰৰ এই উদ্বোধনী মেচখন বডোলেণ্ড এফ চি আৰু নৰ্থ ইষ্ট ইউনাইটেডৰ মাজত অনুষ্ঠিত হ'ব ৷
উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিব বিটিআৰ প্ৰধান প্ৰমোদ বড়োসহ দেশৰ সেনাবাহিনীৰ বহু কেইজন শীৰ্ষ বিষয়া৷ তদুপৰি মুখ্য অতিথি হিচাপে উপস্থিত থাকিব মিজোৰামৰ ক্ৰীড়ামন্ত্ৰী লালংঘিংলোভা হমাৰ আৰু ভূটানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ দাশ্বো লোটে চিৰিং।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/eb69804c-f3bb-4c6e-a1ad-e31c6c51850c/e2e38a3d-4030-47ea-b64d-e5227bb7f11e.jpg)
উল্লেখ্য যে ৩০ জুলাইৰ পৰা ১৬ আগষ্টলৈকে কোকৰাঝাৰত ডুৰাণ্ড কাপৰ মুঠ ৬ খন লীগ পৰ্যায়ৰ মেচ অনুষ্ঠিত হ'ব আৰু ২১ আগষ্টত এখন কোৱাৰ্টাৰ ফাইনেলৰ মেচ অনুষ্ঠিত হ'ব ৷ ৰাষ্ট্ৰীয় পৰ্যায়ৰ এই ঐতিহাসিক প্ৰতিযোগিতাখনক লৈ কোকৰাঝাৰত এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে।
Also Read: জোনাইত কৃষক মুক্তিৰ নেতাক দলবদ্ধ আক্ৰমণৰ ঘটনাক সন্দৰ্ভত সংবাদ মেল