ডিজিটেল সংবাদ কোকৰাঝাৰঃ বড়ো সংস্কৃতিৰ একনিষ্ঠ সাধক, গৱেষক, শংকৰদেৱ কলাক্ষেত্ৰৰ কলা বিষয়া, বিশিষ্ট চিত্ৰশিল্পী তথা ললিত কলা একাডেমী বঁটা প্ৰাপক মনেশ্বৰ ব্ৰহ্মৰ মৃত্যুত ৰাজ্যজুৰি শোকৰ ছাঁ পৰিছে। উলেখ্য যে, আজি ৰাতিপুৱা গুৱাহাটীত মনেশ্বৰ ব্ৰহ্মৰ হৃদক্ৰিয়া বন্ধ হোৱাত ততাতিয়াকৈ গুৱাহাটীৰ দিশপুৰ জি এন আৰ চিৰ আই চি ইউত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসাধীন অৱস্থাতে শেষ নিশ্বাস ত্যাগ কৰে মনেশ্বৰ ব্ৰহ্মই।
উল্লেখ্য যে, চিৰাং জিলাৰ বল্লামগুৰী হেলিপাৰা সুবাইঝাৰত ১৯৬৭ চনৰ ৮ ডিচেম্বৰত জন্মগ্ৰহণ কৰা মনেশ্বৰ ব্ৰহ্ম কোকৰাঝাৰ চাৰুকলা মহাবিদ্যালয়ৰো ছাত্ৰ আছিল। পিছত ১৯৯৭ চনত বিশ্ব ভাৰতী শান্তি নিকেতনৰ পৰা বি এফ এ আৰু ১৯৯৯ চনত এম এফ এ লাভ কৰিছিল।
বড়ো আন্দোলনৰ ভৰপক সময়ছোৱাত তেওঁ কোকৰাঝাৰত ভাড়াঘৰত আছিল আৰু এদিন কোকৰাঝাৰ কলেজৰ পিছপিনে থকা এফ চি আই গুদামৰ ওচৰত অচিনাক্ত দুৰ্ষ্কৃতিকাৰীয়ে গুলীৰে থকা -সৰকা কৰিছিল মনেশ্বৰ ব্ৰহ্মক। সেইসময়ত ১৬ টা কৈ গুলী লগা মনেশ্বৰ ব্ৰহ্মৰ মৃত্যুৰ বাতৰি আনকি সংবাদ মাধ্যমত প্ৰকাশিত হৈছিল যদিও মনেশ্বৰ ব্ৰহ্মৰ কিন্তু মৃত্যু নহ'ল ।
মৃত্যুৰ দুৱাৰদলীৰ পৰা উভতি অহা মনেশ্বৰ ব্ৰহ্ম পৰবৰ্তী কালছোৱা কলা-সংস্কৃতিক লৈ ব্যস্ত থাকিল। জীৱিত কালত মনেশ্বৰ ব্ৰহ্মই অজস্ৰ বঁটা বাহন লাভ কৰাৰ উপৰিও বহু সংখ্যক ৰাষ্ট্ৰীয় আৰু আন্ত:ৰাষ্ট্ৰীয় চেমিনাৰত অংশগ্ৰহণ কৰিছিল।
তদুপৰি বহুসংখ্যক প্ৰদৰ্শনীত ভাগ লোৱা মনেশ্বৰ ব্ৰহ্ম কেবাটাও জলপানি লাভ কৰিবলৈ সক্ষম হৈছিল। ১৯৯৫ চনত ভূৱনেশ্বৰত অনুষ্ঠিত হোৱা প্ৰথম পূৱ প্ৰান্তীয় দ্বিবাৰ্ষিক প্ৰদৰ্শনী ( exhibition ), ১৯৯৬ চনত চণ্ডীগড়ত অনুষ্ঠিত হোৱা তৃতীয় ভাৰত ড্ৰয়িং দ্বিবাৰ্ষিক প্ৰদৰ্শনী, ১৯৯৬ চনত দিল্লীত, ১৯৯৭ চনত ভূপালত, ১৯৯৭, ১৯৯৮ আৰু ১৯৯৯ চনত অমৃতসৰত, ১৯৯৮ চনত কলিকতাত অনুষ্ঠিত হোৱা বিভিন্ন প্ৰদৰ্শনীত ভাগ লৈছিল মনেশ্বৰ ব্ৰহ্মই।
আনহাতে ১৯৯৩ চনৰ পৰা ১৯৯৬ চনলৈ অসম চৰকাৰৰ জলপানী, ১৯৯৮ চনৰ পৰা ২০০০ চনলৈ ভাৰত চৰকাৰৰ জলপানী লাভ কৰিছিল। আনহাতে ১৯৯৯ চনত কৰ্ণাটক চিত্ৰকলা পৰিষদ ট্ৰাষ্টৰ দ্বাৰা এইচ কে কেজৰিৱাল যুৱ শিল্পী বঁটা, ২০০০ চনত বিৰলা একাডেমী বঁটা, ২০০২ চনত সৰ্বভাৰতীয় ফাইন আৰ্ট এণ্ড ক্ৰাফট বঁটা, ২০০৪ চনত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত হোৱা প্ৰথম উত্তৰ পূৱ ৰাজ্যিক বঁটা আৰু ২০০৬ চনত মুম্বাইত অনুষ্ঠিত হোৱা ললিত কলা একাডেমীৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল।
তদুপৰি ওদালগুৰী, গুৱাহাটী আৰু ভাৰত-ভূটান-বাংলাদেশ সীমান্তবৰ্তী অঞ্চলতো কেবাখনো ৰাষ্ট্ৰীয় আলোচনাচক্ৰ অনুষ্ঠিত কৰিছিল মনেশ্বৰ ব্ৰহ্মই। প্ৰণিধানযোগ্য যে, কালি অসম বিধানসভা চৌহদত আন্ত:গাঁথনিত নতুন সংযোজন প্ৰকল্প ৰূপায়নৰ অন্যতম খনিকৰ আছিল মনেশ্বৰ ব্ৰহ্ম।
ইপিনে মনেশ্বৰ ব্ৰহ্মৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়ো, এবছুৰ সভাপতি দ্বীপেন বড়ো, বিধায়ক লৰেঞ্চ ইছলাৰী, সদৌ অসম ট্ৰাইবেল ছাত্ৰ সন্থাৰ সভাপতি হৰিশ্বৰ ব্ৰহ্ম আদিকে ধৰি বহুসংখ্যক বিশিষ্ট ব্যক্তিয়ে। পৃথক পৃথক বাৰ্তাত মনেশ্বৰ ব্ৰহ্মৰ মৃত্যু সমাজৰ বাবে অপূৰণীয় ক্ষতি বুলি মন্তব্য কৰিছে।
তদুপৰি প্ৰখ্যাত শিল্পী জনক ঝংকাৰ নাৰ্জাৰীয়ে তেওঁৰ প্ৰাক্তন ছাত্ৰ মনেশ্বৰ ব্ৰহ্মৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে।