বিটিআৰ গৰিয়া মৰিয়া দেশী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় দ্বি বাৰ্ষিক অধিৱেশন

বিটিআৰ গৰিয়া মৰিয়া দেশী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় দ্বি বাৰ্ষিক অধিৱেশন

ডিজিটেল ,সংবাদ, তামুলপুৰঃ মঙ্গলবাৰৰ পৰা দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে কুমাৰীকাটাত আৰম্ভ হৈছে সদৌ বিটিআৰ গৰিয়া মৰিয়া দেশী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় দ্বিতীয় দ্বি - বাৰ্ষিক অধিৱেশন ৷ আজি প্ৰথম দিনা পুৱা সংগঠনটোৰ পতাকা উত্তোলন কৰে সদৌ বিটিআৰ গৰিয়া মৰিয়া দেশী ছাত্ৰ সন্থাৰ সভাপতি মঃ হাচিম আলীয়ে আৰু উদযাপন সমিতিৰ পতাকা উত্তোলন কৰে সভাপতি ডুলুজিৎ ভড়ালীয়ে।

৯ বজাত শ্বহীদ স্মৰণ আৰু তৰ্পন কৰে স’গঠনটোৰ সাধাৰন সম্পামক ৰিজুল হ’কে। পাছত গছপুলি ৰোপন কাৰ্যসূচী ৰূপায়ন কৰে ক্ৰমে সমাজকৰ্মী বাহাৰুল ইছলাম, কুমাৰীকাটা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া কুলদ্বীপ গোঁহাই, বিজেপি নেতা তথা সংখ্যালঘু উন্নয়ন পৰিষদৰ তামুলপুৰ জিলাৰ অধ্যক্ষ ইক্ৰাম আলীয়ে। দিনৰ ভাগত কুইজ আৰু ভেশচন প্ৰতিযোগিতা নিশা সাংস্কৃতিক অধিবেশন অনুষ্ঠিত হ’ব ৷

কাইলৈ দিনৰ ১০ বজাত “সাংস্কৃতিক - সম্প্ৰীতি শোভাযাত্ৰা” আৰু দুপৰীয়া মুকলি সভা আৰম্ভ হ’ব। মুকলি সভাত বিটিআৰ প্ৰধান প্ৰমোদ বড়ো, বিশিষ্ট অধিবক্তা নেকিবুৰ জামান, অসম শিশু সাহিত্য ন্যাসৰ সচিব ঋষিকেশ গোস্বামী. সাংবাদিক অদীপ কুমাৰ ফুকন, মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ,বিধায়ক জলেন দৈমাৰী সহ ছাত্ৰ সংগঠনৰ নেতা সকলে অংশ গ্ৰহন কৰিব বুলি উদযাপন সমিতিয়ে জনাইছে। মুকলি সভাতে আলিফা নামৰ স্মৃতিগ্ৰন্থ উন্মোচন কৰা হ’ব ৷

বিটিআৰ গৰিয়া মৰিয়া দেশী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় দ্বি বাৰ্ষিক অধিৱেশন
৩১ জানুৱাৰীৰ পৰা অসম সাহিত্য সভাৰ বাৰ্ষিক অধিৱেশন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in