সুৱনশ্ৰী আঞ্চলিক শ্ৰীশ্ৰীশিৱ পূজাৰ সোণালী জয়ন্তী মহোৎসৱৰ প্ৰস্তুতি...

সুৱনশ্ৰী আঞ্চলিক শ্ৰীশ্ৰীশিৱ পূজাৰ সোণালী জয়ন্তী মহোৎসৱৰ প্ৰস্তুতি...
সুৱনশ্ৰী আঞ্চলিক শ্ৰীশ্ৰীশিৱ পূজাৰ সোণালী জয়ন্তী মহোৎসৱৰ প্ৰস্তুতি...

ডিজিটেল সংবাদ বাক্সাঃ বাক্সা জিলাৰ সদৰ মুছলপুৰৰ ওচৰত থকা সুৱনশ্ৰীত অহা ১৮ ফেব্ৰুৱাৰীৰ পৰা ২৩ ফেব্ৰুৱাৰীলৈ ৬ দিনীয়া বৰ্ণাঢ্য কাৰ্যক্ৰমণিকাৰে সোণালী জয়ন্তী মহোৎসৱৰ আয়োজন কৰিছে। ৫০ টা ফাগুন অতিক্ৰমী সুৱনশ্ৰী আঞ্চলিক শ্রীশ্ৰী শিৱ পূজাই সোণালী জয়ন্তী বৰ্ষত উপনীত হোৱা এই ক্ষণত উদযাপন সমিতিয়ে সমূহ ৰাইজৰ সহযোগত পূৰ্ণদ্যমে প্ৰস্তুতি চলাইছে।

উদযাপন সমিতিয়ে জানিবলৈ দিয়া অনুসৰি ১৮ ফেব্ৰুৱাৰীৰ দিনা সভাপতি চন্দ্ৰমোহন হালৈয়ে মূল ধ্বজা উত্তোলনেৰে ৬ দিনীয়া কাৰ্যক্ৰমণিকাৰ আৰম্ভণি কৰিব। তাৰ পিছতে থাকিব সাংস্কৃতিক শোভাযাত্ৰাকে ধৰি বিবিধ কাৰ্যসূচী।

উল্লেখযোগ্য যে, সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰিব অসমৰ জনপ্ৰিয় ইউটিউবাৰ ডিম্পু বৰুৱাই। লগতে ২৩ ফেব্ৰুৱাৰীত সাংস্কৃতিক সন্ধিয়াৰ বিশেষ আকৰ্ষণ হিচাপে উপস্থিত থাকিব অসমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ।

ইয়াৰোপৰি প্ৰতিদিনে বিভিন্ন বাৰেৰহণীয়া অনুষ্ঠানেৰে জীপাল হ'ব সোণালী জয়ন্তীৰ প্ৰতিটো দিন, প্ৰতিটো ৰাতি। ইতিমধ্যে সমিতিৰ বিষয়ববীয়াই সোণালী জয়ন্তী মহোৎসৱৰ ৬ দিনৰ বিস্তৃত কাৰ্যসূচী সদৰি কৰিছে আৰু বহু সহস্ৰাধিক লোকৰ সমাগম আশা কৰিছে। লগতে নিৰাপত্তাৰ ক্ষেত্ৰতো জিলা প্ৰশাসনৰ সহযোগত সুকলমে, শৃংখলাবদ্ধ ভাৱে কাৰ্যসূচী সমূহ চলি যাব বুলি আশা প্ৰকাশ কৰে ।

সুৱনশ্ৰী আঞ্চলিক শ্ৰীশ্ৰীশিৱ পূজাৰ সোণালী জয়ন্তী মহোৎসৱৰ প্ৰস্তুতি...
ডিকমত চাঞ্চল্যকৰ ঘটনাঃ এটা মোবাইলক কেন্দ্ৰ কৰি স্বামীৰ বিৰুদ্ধে পত্নীক হত্যাৰ অভিযোগ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in