/asomiyapratidin/media/media_files/2025/02/04/0oX1ctfXpEJcOwkQzXJ6.jpg)
ডিজিটেল সংবাদ কোকৰাঝাৰঃ অসম আৰক্ষীৰ সহযোগত বিশেষ টাস্ক ফ’ৰ্চৰ এটা দলে সোমবাৰে নিশা কোকৰাঝাৰত এটা সন্দেহযুক্ত জেহাদীক আটক কৰিছে ৷ আটকাধীন সন্দেহযুক্ত জেহাদীটো জিলাখনৰ মোকৰাপাৰাৰ নাছিম উদ্দিন শ্বেখ বুলি জানিব পৰা গৈছে।
প্ৰাপ্ত বাতৰি মতে সোমবাৰে নিশা অসম আৰক্ষী আৰু বিশেষ টাস্ক ফ'ৰ্চৰ এটা দলে মোকৰাপাৰাত অভিযান চলাই সন্দেহযুক্ত জেহাদীটোক আটক কৰে ৷ অধিক তথ্যৰ বাবে আটকাধীন সন্দেহযুক্ত জেহাদীটোক গুৱাহাটীলৈ লৈ যোৱা হৈছে আৰু গুৱাহাটীতে জেৰা অব্যাহত ৰখা বুলি জানিব পৰা গৈছে ৷
উল্লেখ্য যে যোৱা ২০২৪ চনৰ ১৮ ডিচেম্বৰত ধুবুৰী আৰু কোকৰাঝাৰ জিলাৰ বিভিন্ন স্থানৰ পৰা কেইবাটাও সন্দেহযুক্ত জেহাদীক গ্ৰেপ্তাৰ কৰিছিল ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us