বড়ো লোক সাহিত্যৰ সাধক 'সুকুমাৰ বসুমতাৰী ছাত্ৰ বটাঁ' প্ৰদান অনুষ্ঠান...

বড়ো লোক সাহিত্যৰ সাধক 'সুকুমাৰ বসুমতাৰী ছাত্ৰ বটাঁ' প্ৰদান অনুষ্ঠান

author-image
Asomiya Pratidin
New Update
বড়ো লোক সাহিত্যৰ সাধক 'সুকুমাৰ বসুমতাৰী ছাত্ৰ বটাঁ' প্ৰদান অনুষ্ঠান...

ডিজিটেল সংবাদ, বাক্সা : বাক্সা জিলা বড়ো সাহিত্য সভাৰ অধীনৰ পৰা চলিত বৰ্ষৰ মেট্ৰিক পৰীক্ষাত বড়ো মাধ্যমৰ পৰা প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা টপ-১০ত নিৰ্বাচিত ছাত্ৰ-ছাত্ৰীসকলক বিশেষ বঁটাৰে সন্মানিত কৰা হয়। দেওবাৰে আয়োজিত বঁটা প্ৰদান অনুষ্ঠানত ছায়া সাহা বঁটাপ্ৰাপক নিজোম বড়ো আৰু উচ্চতৰ মাধ্যমিকত বড়ো বিষয়ত সৰ্ব্বোচ্চ নম্বৰপ্ৰাপ্ত ছাত্ৰী উপমা বড়োক 'বড়ো লোক সাহিত্যৰ সাধক সুকুমাৰ বসুমতাৰী ছাত্ৰ বটাঁ" প্ৰদান কৰা হয় ।

Advertisment

উল্লেখ্য যে সম্বৰ্ধনা সভাখন বাক্সা জিলাৰ সুৱণখাটা হাইস্কুলৰ প্ৰেক্ষাগৃহত আয়োজন কৰা হয়। এই সভাখন বাগসা জিলা বড়ো সাহিত্য সভাৰ সভাপতি বিনদ চন্দ্ৰ স্বৰ্গীয়াৰীয়ে সঞ্চালনা কৰে।

সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি ভাষণ ৰাখে নিকাচিৰ জ্ঞানপীঠ স্নাতক মহাবিদ্যালয়ৰ প্ৰবক্তা মৃদুল বসুমতাৰীয়ে । বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে সুৱণখাটা হাইস্কুলৰ অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী বিনা বালা বড়োই।

আনহাতে আমন্ত্ৰিত অতিথি হিচাপে অংশগ্ৰহণ কৰে বড়ো সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য শৰত চন্দ্ৰ ৰামচিয়াৰী, ভাৰতীয় শিক্ষা বঁটাপ্ৰাপক খ্ৰৌমসাৰ বসুমতাৰী, নলবাৰী জিলা বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি বিষ্ণুপ্ৰসাদ ৰামচিয়াৰী, বাগসা জিলা বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতিদ্বয় ক্ৰমে হিতেন বসুমতাৰী, অতুল স্বৰ্গীঢয়াৰীয়ে। লগতে উপদেষ্টা নিৰ্মল মোছাহাৰী, প্ৰাক্তন সম্পাদকদ্বয় দেওবাৰ ৰামচিয়াৰী আৰু জেব্ৰা খুংগুৰ উজিৰ, সাহিত্য অকাডেমি বঁটাপ্ৰাপক ৰশ্মি চৌধুৰী, ৰামদাস বসুমতাৰী তথা ন্যাসৰ সভাপতি কমল কুমাৰ বড়োৰ লগতে বড়ো সাহিত্য সভাৰ বহু নেতা-কৰ্মীসকলে অংশগ্ৰহণ কৰে।

বাগসা জিলা বড়ো সাহিত্য সভাৰ সম্পাদকদ্বয় হেমেন দেউৰী আৰু দুলাল স্বৰ্গীয়াৰীয়ে আঁত ধৰা সভাত জিলাখনৰ বহু বড়ো শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে। আজিৰ এই অনুষ্ঠানটি উদ্ধোধন কৰে সুৱণখাটা হাইস্কুলৰ প্ৰধান শিক্ষক গণেশ চন্দ্ৰ শৰ্মাই।

award baksa