/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-07/l5d7ldid/000a23e1-0235-4dd0-916e-6ea5876115d6.jpg)
ডিজিটেল সংবাদ, কোকৰাঝাৰ : বালাজান তিনালি ব্যৱসায়ী সন্থাৰ উদ্যোগত বালাজান তিনালিত শনিবাৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে পঞ্চম বাৰ্ষিক শ্ৰী শ্ৰী গণেশ চতুৰ্থী উদযাপনৰ দিহা কৰা হৈছে। সেই উপলক্ষে আজি বালাজান তিনালিৰ গণেশ পূজা মণ্ডপ আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে বালাজান তিনালি ব্যৱসায়ী সন্থাৰ সম্পাদক দৰবিন্দ বসুমতাৰীয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-07/82k4x052/292e3ab0-375e-41c9-a3f3-046114abe470.jpg)
মাংগলিক কাৰ্যসূচীৰে আৰম্ভ হোৱা সিদ্ধিদাতা শ্ৰী শ্ৰী গণেশ পূজাৰ শুভ উদ্বোধনী অনুষ্ঠানত সন্থাৰ সভাপতি ধনঞ্জয় নাথ , ধনভঁৰালী মুকেশ শ্বাহ , সদস্য ক্ৰমে পৱন মণ্ডল, ডম্বৰুধৰ নাথ আদিকে ধৰি সন্থাৰ আন সদস্য-নেৰ্তৃবৰ্গ উপস্থিত থাকে । আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে বালাজান তিনালিত আৰম্ভ হোৱা শ্ৰী শ্ৰী গণেশ পূজাথলীত অগণন ভক্তই ভিৰ কৰা পৰিলক্ষিত হয়। গণেশ বন্দনাৰে মুখৰিত হোৱা বালাজান তিনালিত সম্প্ৰতি আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে ।
Also Read: ৰহস্যজনকভাৱে সন্ধানহীন শিষ্ট সূত্ৰধৰ : পৰিয়ালৰ মাজত হাহাকাৰ