/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-21/u1nuh6tj/birsamunda-21.jpg)
কোকৰাঝাৰত দক্ষতা বিকাশ প্ৰশিক্ষণ সফলতাৰে সমাপ্ত...
ডিজিটেল সংবাদ কোকৰাঝাৰঃ কোকৰাঝাৰ জিলাৰ কাৰিগাঁওস্থিত বীৰছা কামাণ্ডো ফ'ৰ্চৰ ডেজিগনেটেট কেম্পত যোৱা ১৯ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হোৱা তিনিদিনীয়া দক্ষতা প্ৰশিক্ষণ আজি সফলতাৰে সমাপ্ত হয়। অসম আৰক্ষীৰ বিশেষ শাখাৰ তত্বাৱধানত অনুষ্ঠিত হোৱা দক্ষতা প্ৰশিক্ষণত প্ৰাক্তন বীৰছা কামাণ্ডো ফ'ৰ্চৰ ৫০ জনীয়া এটি দলে দক্ষতা প্ৰশিক্ষণ সম্পূৰ্ণ কৰে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-21/7prrt4g6/d4b28a8e-3106-4d0c-ac55-85bcbd1e6d87.jpg)
প্ৰশিক্ষণকালত সমল ব্যক্তিসকলে মৌ পালন, গো পালন, মটৰ মেকানিক, মোবাইল মেৰামতি, গাহৰি পালন, মৎস্য উৎপাদন আদি শিতানত প্ৰশিক্ষণ প্ৰদান কৰে। ইপিনে আজি অন্তিমদিনা প্ৰমাণপত্ৰ বিতৰণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে আদিবাসী কল্যাণ আৰু উন্নয়ন পৰিষদৰ উপাধ্যক্ষ সুভাষ তিৰ্কী ওৰফে বীৰচিং মুণ্ডা।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-21/hh1mu9w4/fd18d6a7-be0d-4ca9-a8db-9aa467a46890.jpg)
বিভিন্ন বিভাগৰ বিষয়া, সমল ব্যক্তিৰ উপস্থিতিত আজি অন্তিমদিনা প্ৰমাণপত্ৰ বিতৰণ কৰে আদিবাসী কল্যাণ আৰু উন্নয়ন পৰিষদৰ উপাধ্যক্ষ সুভাষ তিৰ্কীয়ে। দক্ষতা বিকাশ প্ৰশিক্ষণে শিক্ষাৰ্থীসকলক আত্মসংস্থাপন লাভৰ ক্ষেত্ৰত সহায়ক হ'ব বুলি মন্তব্য কৰি সুভাষ তিৰ্কীয়ে অসম আৰক্ষীৰ বিশেষ শাখাৰ উদ্যোগক ভূয়সী প্ৰশংসা কৰে ।
Also Read: মোৰাঝাৰত ভুৱা বিত্তীয় প্ৰতিষ্ঠান খুলি কোটি কোটি টকা লুণ্ঠনঃ দুজনক গ্ৰেপ্তাৰ...