/asomiyapratidin/media/media_files/2025/05/26/W1tqy0Oxf00yy5eN7ugi.jpg)
ডিজিটেল সংবাদ, চিৰাংঃ বিটিআৰৰ বাসুগাঁও, কোকৰাঝাৰ আৰু ছালাকাটি ৰেলষ্টেচনত যাত্ৰীবাহী এক্সপ্ৰেছ ৰে'ল ৰখোৱাৰ দাবীত সোমবাৰে বাসুগাঁও ৰেলষ্টেচনত অৱস্থান ধৰ্ণা কাৰ্য্যসূচী ৰূপায়ন কৰা হয়। কিন্তু পূৰ্বতে ৰে'লবিভাগৰ পৰা প্ৰয়োজনীয় অনুমতি লোৱাৰ পিছতো ৰে'ল ষ্টেচনত ধৰ্ণা কাৰ্য্যসূচী ৰূপায়ন কৰিবলৈ ৰে'লষ্টেচনৰ প্লেটফৰ্মত প্ৰৱেশ কৰাৰ সময়ত আৰপিএফৰ দলে বাধা আৰোপ কৰি ৰে'লষ্টেচনৰ বাহিৰতে ধৰ্ণা কাৰ্য্যসূচী ৰূপায়ন কৰিবলৈ কয়।
ইয়াকে লৈ অসম প্ৰদেশ শিৱসেনা দলৰ নেতা শিবু চন্দই আপত্তি দৰ্শায় যদিও আৰপিএফ নিজৰ স্থিতিত অটল থাকে। দৰাচলতে অসম প্ৰদেশ শিৱসেনা দলৰ আহ্বানত দেওবাৰে ৰাতিপুৱা অসম ৰে'লযাত্ৰী এচোছিয়েচন, বাসুগাঁও ব্যবসায়ী সন্থা, সদৌ বিটিআৰ ই-ৰিক্সা এচোছিয়েচনৰ সহযোগত বাসুগাঁও ৰে'লষ্টেচন চৌহদত অৱস্থান ধৰ্ণা কাৰ্য্যসূচী ৰূপায়ন কৰাৰ চেষ্টা কৰাৰ সময়ত আৰপিএফৰ লোকে ৰে'লষ্টেচন প্লেটফৰ্মত প্ৰৱেশত বাধা প্ৰদান কৰাত প্ৰতিকূল বতৰৰ মাজতেই ৰে'লষ্টেচনৰ প্ৰৱেশদ্বাৰৰ সন্মুখতে ধৰ্ণা কাৰ্য্যসূচী ৰূপায়ন কৰে ।
আজি ধৰ্ণা কাৰ্য্যসূচীৰ নেতৃত্ব প্ৰদান কৰা শিৱসেনা নেতা শিবু চন্দই সংবাদ মাধ্যমৰ আগত কয় বিটিচিৰ সদৰ কোকৰাঝাৰ ৰে'লষ্টেচনত সকলো এক্সপ্ৰেছ, মেইল ট্ৰেইন ৰখোৱাৰ উপৰিও কোভিদ কালত বাসুগাঁও আৰু ছালাকাটি ৰে'লষ্টেচনত বন্ধ কৰি দিয়া ধুবুৰী-কামাখ্যা আৰু কোচবিহাৰ-কামাখ্যা ইণ্টাৰচিটি ৰখোৱাৰ উপৰি বাসুগাঁও ৰেলষ্টেচনত পূৰ্বতে ৰখোৱা কাঞ্চনজংঘা এক্সপ্ৰেছ পুনৰ ৰখোৱাৰ দাবীৰে আমি বছৰৰ পিছত বছৰ ধৰি ৰে'লবিভাগক স্মাৰক পত্ৰ প্ৰদান কৰি আহিছো। কিন্তু ৰে'লবিভাগে ইমান দিনে কেৱল প্ৰতিশ্ৰুতিৰ বাহিৰে এটা দাবীও আজিলৈকে কাৰ্য্যকৰী কৰা নাই ।
যাৰ বাবে আমি ৰে'ল ষ্টেচনতে ধৰ্ণা কাৰ্য্যসূচী ৰূপায়ন কৰিবলৈ বাধ্য হৈছো বুলি সদৰি কৰে। ধৰ্ণা কাৰ্য্যসূচীৰ অন্তত বিভিন্ন ৰে'লষ্টেচনত এক্সপ্ৰেছ ৰে'ল ৰখোৱাৰ দাবী সম্পন্ন এখনি স্মাৰকপত্ৰ প্ৰদান কৰে।