পানেৰি, হাতীগড় আৰু ভৈৰৱকুণ্ডত পৃথক পৃথক পথ দুৰ্ঘটনা : এজন নিহত,৪ জন আহত

পানেৰি, হাতীগড় আৰু ভৈৰৱকুণ্ডত পৃথক পৃথক পথ দুৰ্ঘটনা : এজন নিহত,৪ জন আহত

ডিজিটেল সংবাদ,ওদালগুৰি : ওদালগুৰি জিলাৰ পানেৰি, হাতীগড় আৰু ভৈৰৱকুণ্ড অঞ্চলত পৃথক-পৃথক পথ দুৰ্ঘটনা সংঘটিত হয়। এই দুৰ্ঘটনাত এজন লোক নিহত হোৱাৰ বিপৰীতে ৪ জন আহত হয়।

জানিব পৰামতে, বৃহস্পতিবাৰে দিনৰ প্ৰায় ১২-৩০ বজাত এখন মাৰুতি ব্ৰিজা বাহনে টংলাৰ পৰা ওদালগুৰি আহি থাকোঁতে পানেৰীৰ খৃষ্টানপাৰাৰ এখন দলঙত নিয়ন্ত্ৰণ হেৰুৱাই খুন্দা মাৰে। ফলত চালক সীমান্ত ডেকা (৪০) গুৰুতৰভাৱে আৰু আৰোহী ছিৰাজ (৪০) সামান্য আহত হয়। লগে লগে আঘাতপ্ৰাপ্ত দুজনক ১০৮ সেৱাৰ জৰিয়তে ওদালগুৰি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

আনহাতে সন্ধিয়া প্ৰায় ৬-০০ বজাত হাতীগড়ত মটৰচাইকেল চালক অমল চুণ্ডি (৩৬) গৈ থকা অৱস্থাত হঠাৎ বিপৰীত দিশৰ পৰা অহা ছাগলী এটি বচাবলৈ গৈ নিয়ন্ত্ৰণ হেৰুৱাই আঘাতপ্ৰাপ্ত হয়। তেওঁকো ১০৮ সেৱাৰ জৰিয়তে ওদালগুৰি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

ইফালে সন্ধিয়া প্ৰায় ৫-৪০ বজাত ভৈৰৱকুণ্ড বনভোজথলীৰ এছ এছ বি কেম্পৰ সমীপত নিয়ন্ত্ৰণ হেৰুৱাই স্কুটি দুৰ্ঘটনাগ্ৰস্ত হয়। উক্ত ঘটনাত এজন যুৱক নিহত হোৱাৰ লগতে ৰূপা দৈমাৰী (১৮) গুৰুতৰভাৱে আহত হয়। আহত ৰূপা দৈমাৰীক ততাতৈয়াকৈ ১০৮ সেৱাৰ ওদালগুৰি অসামৰিক চিকিৎসালয়লৈ ভৰ্তি কৰোৱা হয়।

অৱশ্যে পাছত উন্নত চিকিৎসাৰ বাবে ১০৮ সেৱাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰৰণ কৰা হয়। উল্লেখযোগ্য যে আজিৰ এই দুৰ্ঘটনাসমূহত ১০৮ কৰ্মচাৰীৰ ক্ষীপ্ৰ সেৱাক ৰাইজে প্ৰশংসা কৰে।

পানেৰি, হাতীগড় আৰু ভৈৰৱকুণ্ডত পৃথক পৃথক পথ দুৰ্ঘটনা : এজন নিহত,৪ জন আহত
কলিয়াবৰৰ বাগৰিত মহকুমা প্ৰশাসনৰ অভিযান

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in