/asomiyapratidin/media/media_files/2025/01/24/ezkYlUK5VoEaP87vxUJr.jpg)
ডিজিটেল সংবাদ, চিৰাংঃ অসমত বসবাস কৰা চাওঁতাল জনগোষ্ঠীয় লোকসকলক জনজাতিৰ মৰ্যাদা প্ৰদান আৰু বনাঞ্চল তথা চৰকাৰী ভূমিত যুগ যুগ ধৰি বসবাস কৰা চাওঁতাল লোকসকলক ভূমিৰ অধিকাৰ প্ৰদান কৰাকে ধৰি অন্যান্য কেইবাটাও দাবী উত্থাপন কৰি সদৌ অসম চাওঁতাল ছাত্ৰ সন্থাই এলানি গণতান্ত্ৰিক আন্দোলন কাৰ্য্যসূচী ঘোষণা কৰে ।
আজি চিৰাং জিলাৰ সুন্দৰীস্থিত সদৌ চাওঁতাল ছাত্ৰ সন্থাৰ জিলা কাৰ্যালয়ত ছাত্ৰ সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি বিমল কুমাৰ হেমব্ৰমৰ সভাপতিত্বত অনুষ্ঠিত সপ্তম কাৰ্য্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। সভাৰ অন্তত এক সংবাদ মেল অনুষ্ঠিত কৰি সদৌ চাওঁতাল ছাত্ৰ সন্থাৰ সভাপতি বিমল কুমাৰ হেমব্ৰমে কয় যে, সদৌ চাওঁতাল ছাত্ৰ সন্থাই জন্মলগ্নৰে পৰা অসমত বসবাস কৰা থলুৱা চাওঁতাল জনগোষ্ঠীয় লোকসকলক জনজাতিৰ মৰ্যাদা আৰু ভূমিৰ অধিকাৰ প্ৰদান কৰাৰ হকে সম্পূৰ্ণ গণতান্ত্ৰিক ভাবে সংগ্ৰাম কৰি আহিছে।
বিগত ২০২৪ বৰ্ষৰ আৰম্ভণিতে অসম চৰকাৰৰ সৈতে অনুষ্ঠিত হোৱা বৈঠকৰ পিছত চৰকাৰ ফালৰ পৰা আমাক আন্দোলন নকৰিবলৈ আহ্বান জনাইছিল। আমিও চৰকাৰৰ আহ্বানক সহাঁৰি জনাই বিগত বছৰত আন্দোলন কাৰ্য্যসূচী স্থগিত ৰাখিছিলো।
এতিয়া আমি লক্ষ্য কৰিছো যে বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰৰ আহ্বানক আমি যিদৰে সঁহাৰি জনাইছিলো কিন্তু তাৰ বিপৰীতে চৰকাৰে আমাৰ প্ৰতি কোনো ধৰনৰ সঁহাৰি দিয়া আমি দেখা নেপালো। যাৰ কাৰণে আজি আমি এই কাৰ্যনিৰ্বাহক সভাৰ জৰিয়তে ইমানদিনে স্থগিত ৰখা গণতান্ত্ৰিক আন্দোলনক পুনৰ আগুৱাই লৈ যোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিবলৈ বাধ্য হৈছো ।
অহা ফেব্ৰুৱাৰী মাহৰ ৮ তাৰিখৰ পৰা ১২ তাৰিখলৈকে সদৌ চাওঁতাল ছাত্ৰ সন্থাই জিলা ভিত্তিক গণতান্ত্ৰিক আন্দোলন কাৰ্যসূচী ৰূপায়ন কৰিব। এই সময়ছোৱাত যদি অসম চৰকাৰে কোনোধৰণৰ ব্যবস্থা গ্ৰহণ নকৰে তেনেহলে আমি নিবিচৰা স্বত্বেও ১৬ ফেব্ৰুৱাৰী তাৰিখে আমি অসম বন্ধৰ কাৰ্য্যসূচী হাতত লোৱাৰ কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছো।
তদুপৰি ১৭ ফেব্ৰুৱাৰী তাৰিখে কোকৰাঝাৰত অনুষ্ঠিত হ'বলগা অসম চৰকাৰৰ বাজেট অধিবেশনৰ দিনাও কোকৰাঝাৰৰ বিটিচি সচিবালয়ৰ সন্মুখত গণতান্ত্ৰিক ভাবে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হ'ব বুলি সদৰি কৰে। সভাপতিগৰাকীয়ে কয় যে, যি সময়ত ভাৰতবৰ্ষৰ প্ৰতিখন ৰাজ্যত চাওঁতাল জনগোষ্ঠীয় লোকসকলক জনজাতি হিচাপে স্বীকৃতি প্ৰদান কৰা আছে আনকি উত্তৰ-পূৰ্বাঞ্চলৰ ত্ৰিপুৰা ৰাজ্যতো চাওঁতালসকলক জনজাতিৰ মৰ্যাদা দিয়া আছে অথচ অসমত বসবাস কৰা চাওঁতাল সকলক জনজাতিৰ প্ৰাপ্য মৰ্যাদাৰ পৰা বঞ্চিত কৰি ৰখা হৈছে।
অকল জনজাতি মৰ্যাদাৰ পৰা বঞ্চিত কৰাই নহয় চাওঁতাল জনগোষ্ঠীৰ নিজস্ব চহকী ভাষা, কলা সংস্কৃতি নস্যাৎ কৰি চাওঁতালসকলৰ অস্তিত্ব বিলুপ্ত কৰি চাওঁতাল সকলক চাহ জনগোষ্ঠীৰ সৈতে চামিল কৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে। যি বিষয়টোলৈ অসমত বসবাস চাওঁতাল জনগোষ্ঠীৰ লোকসকলে কেতিয়াও মানি লোৱা আৰু ভবিষ্যতেও মানি নলয় ।
প্ৰতিটো নিৰ্বাচনৰ সময়ত চাওঁতাল জনগোষ্ঠীয় লোকসকলক জনজাতিৰ মৰ্যাদাৰ প্ৰদান কৰা হ'ব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰি ৰাজনীতি কৰি অহা চাওঁতাল জনগোষ্ঠীৰ লোক সকলে প্ৰত্যক্ষ কৰি আহিছে। এতিয়াও সময় আছে অসমৰ বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰে জনজাতিকৰণৰ নামত এই লেতেৰা ৰাজনীতিৰ পৰা আঁতৰি আহি চাওঁতালসকলৰ প্ৰাপ্য অধিকাৰ জনজাতিকৰণ, ভূমিৰ অধিকাৰ সাব্যস্ত কৰা আদি অন্যান্য দাবীসমূহ পূৰণ কৰক ।
উপ-সভাপতি দুৰ্গা চোৰেণে কয় যে সদৌ চাওঁতাল ছাত্ৰ সন্থাই জন্মলগ্নৰে পৰা অসমত বসবাস কৰা থলুৱা চাওঁতাল জনগোষ্ঠীয় লোকসকলক জনজাতিৰ মৰ্যাদা আৰু ভূমিৰ অধিকাৰ প্ৰদান কৰাৰ হকে সম্পূৰ্ণ গণতান্ত্ৰিক ভাবে সংগ্ৰাম কৰি আহিছো কিন্ত চৰকাৰে আমাৰ সৈতে প্ৰতিবাৰেই কেৱল আলোচনাৰ নামত প্ৰতাৰণা কৰি আহিছে।
আজি আমি ঘোষণা কৰা আন্দোলনৰ প্ৰতি যদি বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰখনে কোনো ধৰণৰ গুৰুত্বাৰোপ নকৰে আগন্তুক সময়ত আমি অৰ্থনৈতিক অৱৰোধ, ৰাষ্ট্ৰীয় ঘাইপথ বন্ধ, ৰেলপথ অৱৰোধ কৰাৰ দৰে আন্দোলন কাৰ্য্যসূচী কৰিবলৈ বাধ্য হম আৰু এই আন্দোলনৰ দ্বাৰা যদি অসমত পুনৰ এক অশান্তিময় পৰিৱেশৰ সূচনা হয় তেনেহলে ইয়াৰ বাবে সম্পূৰ্ণ ৰূপে অসম চৰকাৰ জগৰীয়া হ'ব বুলি ছাত্ৰ সংগঠনটোৰ শীৰ্ষ নেতা দুগৰাকীয়ে সকিয়নী প্ৰদান কৰে।
অসম চৰকাৰে যদি এইদৰেই নিষ্পেষিত চাওঁতাল জনগোষ্ঠীৰ লোকসকলক প্ৰতাৰণা কৰি থাকে তেনেহলে অহা নিৰ্বাচনসমূহত চাওঁতাল জনগোষ্ঠী অধ্যুষিত এলেকাত বিজেপি দলৰ নেতা পালিনেতাসকলক প্ৰৱেশ নিষিদ্ধ কৰি নিৰ্বাচনত যোগ্য প্ৰত্যুত্তৰ দিয়া হ'ব সকিয়নী প্ৰদান কৰে কেন্দ্ৰীয় সভাপতি বিমল কুমাৰ হেমব্ৰমে ।