বিনয় কুমাৰ ব্ৰহ্মলৈ সাহিত্য একাডেমীৰ শিশু সাহিত্য বঁটা-২০২৫

সাহিত্য একাডেমীয়ে ঘোষণা কৰা অনুসৰি বড়ো ভাষা শিতানত সাহিত্য একাডেমীৰ শিশু সাহিত্য বঁটা লাভ কৰিছে কোকৰাঝাৰ জিলাৰ দোতমা দ্বিতীয়খণ্ডৰ বিনয় কুমাৰ ব্ৰহ্ম(৫৬) ।

author-image
Asomiya Pratidin
New Update
ঘোষিত হ'ল সাহিত্য একাডেমী শিশু সাহিত্য বঁটা-২০২৫

ডিজিটেল সংবাদ কোকৰাঝাৰঃ বড়ো শিতানত সাহিত্য একাডেমীৰ শিশু সাহিত্য বঁটা লাভ কৰিলে কোকৰাঝাৰ জিলাৰ দোতমা দ্বিতীয়খণ্ডৰ বিনয় কুমাৰ ব্ৰহ্ম(৫৬) । বিনয় কুমাৰ ব্ৰহ্ম সেৰফাংগুৰীৰ ইউএনবি ভকেচনেল উচ্চ মাধ্যমিক বিদ্যালয়ৰসহ শিক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে । 

Advertisment

বিনয় কুমাৰ ব্ৰহ্মই 'खान्थि बोसोन आरो आखु दानाय' (নীতি পৰামৰ্শ আৰু চৰিত্ৰগঠন) গল্প পুথিৰ বাবে শিশু সাহিত্য পুৰস্কাৰ লাভ কৰিছে । বৰ্তমানলৈকে ২৭ খন কিতাপ ৰচনা কৰিছে বিনয় কুমাৰ ব্ৰহ্মই । 

সাহিত্য একাডেমীৰ শিশু সাহিত্য বঁটা লাভ কৰি খুব ভাল লগা বুলি সদৰি কৰিছে বিনয় কুমাৰ ব্ৰহ্মই । তেওঁ কেতিয়াও সাহিত্য একাডেমীৰ পুৰস্কাৰৰ বাবে বাচনিভুক্ত হ'ব বুলি কল্পনা কৰা নাছিল । সাহিত্য একাডেমীৰ শিশু সাহিত্য বঁটা লাভ কৰি তেওঁ সুখী বুলি মন্তব্য কৰিছে । 

সাহিত্য একাডেমী