Advertisment

কোকৰাঝাৰ সাহিত্যিক উত্তৰা বৈসুমুথিয়াৰীলৈ বড়ো ভাষাৰ সাহিত্য একাডেমীৰ অনুবাদক বঁটা...

কোকৰাঝাৰ লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ চানছুমা খুংগুৰ বৈসুমুথিয়াৰীৰ সহধৰ্মিনী, সাহিত্যিক উত্তৰা বৈসুমুথিয়াৰীয়ে সাহিত্য একাডেমীৰ অনুবাদক বঁটা-২০২৪ লাভ কৰিছে।

author-image
Asomiya Pratidin
New Update
কোকৰাঝাৰ সাহিত্যিক উত্তৰা বৈসুমুথিয়াৰীলৈ বড়ো ভাষাৰ সাহিত্য একাডেমীৰ অনুবাদক বঁটা...

ডিজিটেল সংবাদ কোকৰাঝাৰঃ কোকৰাঝাৰ জিলাৰ তিতাগুৰী হালোৱাদল নিৱাসী তথা কোকৰাঝাৰ লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ চানছুমা খুংগুৰ বৈসুমুথিয়াৰীৰ সহধৰ্মিনী, সাহিত্যিক উত্তৰা বৈসুমুথিয়াৰীয়ে সাহিত্য একাডেমীৰ অনুবাদক বঁটা-২০২৪ লাভ কৰিছে। আজি সাহিত্য অকাডেমীৰ সভাপতি মাধৱ কৌশিকৰ অধ্যক্ষতাত অকাডেমীৰ কাৰ্যনিৰ্বাহক মণ্ডলীৰ বৈঠকত সাহিত্য অকাডেমীৰ অনুবাদ বঁটা ২০২৪ ৰ বাবে ২১ জন অনুবাদক বঁটা প্ৰাপকৰ নাম ঘোষিত কৰা হয় আৰু ইয়াৰ ভিতৰত কোকৰাঝাৰৰ উত্তৰা বৈসুমুথিয়াৰীৰ নাম অনুবাদক বঁটা প্ৰাপকৰ তালিকাত স্থান পোৱাত জিলাখনত আনন্দৰ বন্যা বৈছে।

Advertisment

উল্লেখ্য যে প্ৰখ্যাত তথা সাহিত্য অকাডেমী বঁটা প্ৰাপক সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীৰ বহুপঠিত উপন্যাস "কাঞ্চন" বড়ো ভাষালৈ অনুবাদ কৰিছিল উত্তৰা বৈসুমুথিয়াৰীয়ে। ইয়াৰ বাবেই আজি উত্তৰা বসুমতাৰীয়ে লাভ কৰিলে সন্মানজনক সাহিত্য অকাডেমীৰ অনুবাদক বঁটা। 

এই বঁটাত আছে প্ৰস্ততি পত্ৰ আৰু ৫০ হাজাৰ টকাৰ পুৰষ্কাৰ। এক বিশেষ অনুষ্ঠানৰ জৰিয়তে এই বঁটা পিছত সাহিত্য অকাডেমীয়ে প্ৰদান কৰিব বুলি জানিব পৰা গৈছে। ইপিনে সাহিত্য অকাডেমী অনুবাদক বঁটা লাভ কৰাৰ খবৰ পোৱাৰ পিছতেই উৎফুল্লিত হৈ পৰে উত্তৰা বৈসুমুথিয়াৰী। 

আজি নিজ বাসগৃহত সাংবাদিকৰ আগত উত্তৰা বৈসুমুথিয়াৰীয়ে কয় যে কাঞ্চন উপন্যাসখন পঢ়ি তেওঁ মোহাচ্ছন্ন হৈ পৰিছিল আৰু যাৰবাবে বড়ো ভাষালৈ অনুবাদ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। কাঞ্চনৰ চৰিত্ৰটো তেওঁৰ প্ৰিয় আৰু কাঞ্চনে সমাজলৈ এক বাৰ্তা প্ৰেৰণ কৰিছে বুলি মন্তব্য কৰিছে।

সাহিত্য অকাডেমী অনুবাদক বঁটা লাভ কৰাত তেওঁ সুখী হৈছে বুলি মন্তব্য কৰি উত্তৰা বৈসুমুথিয়াৰীয়ে কয় যে, বড়োৰ নতুন প্ৰজন্মই যদিওবা অসমীয়া কব পাৰে কিন্তু ভালদৰে অসমীয়া পঢ়িব নাজানে। প্ৰতিবেশী ভাষা পঢ়িব পাৰিলে ভাল বুলি মন্তব্য কৰি নতুন প্ৰজন্মক কাঞ্চনৰ দৰে উপন্যাসৰ সোৱাদ দিবলৈ "কাঞ্চন" বড়ো ভাষাত অনুবাদ কৰা বুলি লেখিকাগৰাকীয়ে সদৰি কৰিছে।

উল্লেখ্য যে লেখিকাগৰাকীৰ ইতিমধ্যে পাঁচখন কিতাপ প্ৰকাশিত হৈছে আৰু চাৰিখন কিতাপ প্ৰকাশৰ পথত বুলি জানিব পৰা গৈছে।

কোকৰাঝাৰ সাহিত্য একাডেমী