কোকৰাঝাৰত পথ দুৰ্ঘটনাত যুৱতীৰ কৰুণ মৃত্যুঃ গুৰুতৰভাৱে আহত যুৱক, যুৱতী...

ঈদৰ আনন্দৰ মাজতে কোকৰাঝাৰত ভয়ংকৰ পথ দুৰ্ঘটনা। ছালাকাটিৰ দলোগাঁৱত সংঘটিত হোৱা মটৰচাইকেল দুৰ্ঘটনাত হাছিনা খাতুন থিতাতে নিহত হোৱাৰ লগতে য়ছমিনা খাতুন গুৰুতৰভাৱে আহত হয় ।

author-image
Asomiya Pratidin
New Update
কোকৰাঝাৰত পথ দুৰ্ঘটনাত যুৱতীৰ কৰুণ মৃত্যুঃ গুৰুতৰভাৱে আহত যুৱক, যুৱতী...

ডিজিটেল সংবাদ কোকৰাঝাৰঃ ঈদৰ আনন্দ -উলাহৰ মাজতে কোকৰাঝাৰত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। কোকৰাঝাৰ জিলাৰ ছালাকাটিৰ দলোগাঁৱত সংঘটিত হোৱা ভয়ংকৰ মটৰচাইকেল দুৰ্ঘটনাৰ ফলত আৰোহী তথা শিলকাতাৰী দ্বিতীয় খণ্ডৰ হাছিনা খাতুন (১৬) নামৰ যুৱতীগৰাকী থিতাতে নিহত হোৱাৰ লগতে ঢোলমাৰা গাঁৱৰ য়ছমিনা খাতুন(১৭)নামৰ আন এগৰাকী যুৱতীও গুৰুতৰভাৱে আহত হয় ।

Advertisment

আনহাতে গ্লেমাৰ মটৰচাইকেলখনৰ চালক হেকাইপাৰাৰ ৰিয়াজুল মিঞা(১৯)ও আহত হোৱা বুলি জানিব পৰা গৈছে। প্ৰাপ্ত বাতৰি অনুসৰি ঈদৰ আনন্দ -উলাহৰ মাজতে আজি ৰিয়াজুল মিঞাই তেওঁৰ বান্ধৱী য়ছমিনা খাতুন আৰু হাছিনা খাতুনক এখন গ্লেমাৰ মটৰচাইকেলত উঠাই ফুৰাবলৈ নিয়ে ।

ঠিক দলোগাঁৱত তীব্ৰবেগী মটৰচাইকেলখনে এটা কেকুঁৰি ঘূৰোতেই নিয়ন্ত্ৰণ হেৰুৱাই বগৰি গছত খুন্দা মাৰি খেতিপথাৰত বাগৰি পৰে । উক্ত ভয়াৱহ দুৰ্ঘটনাৰ ফলত হাছিনা খাতুন ঘটনাস্থলীতে নিহত হয় আৰু য়ছমিনা খাতুনে গুৰুতৰভাৱে আঘাত পায় ।

ছালাকাটি আৰক্ষীয়ে চিকিৎসালয়লৈ প্ৰেৰণ কৰাত ইয়াৰে গুৰুতৰভাৱে আহত য়ছমিনা খাতুনক উন্নত চিকিৎসাৰ বাবে চিকিৎসকে জিএমচিএইচ লৈ প্ৰেৰণ কৰিছে । উল্লেখ্য যে য়ছমিনা খাতুন সম্প্ৰতি জীৱন মৃত্যুৰ সতে যুঁজি আছে। ঈদৰ মাজতে এনে শোকাৱহ ঘটনা সংঘটিত হোৱাত অঞ্চলটোত শোকৰ ছাঁ পৰিছে । 

পথ দুৰ্ঘটনা কোকৰাঝাৰ