/asomiyapratidin/media/post_attachments/asomiyapratidin/import/2018/08/agrani-news.jpg)
ডিজিটেল সংবাদ কোকৰাঝাৰঃ কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰাম থানাৰ অন্তৰ্গত ময়নাগুৰীত আজি কাহিলীপুৱা প্ৰায় ৪ বজাত সংঘটিত হোৱা এক ভয়াৱহ পথ দুৰ্ঘটনাৰ ফলত দোতমা বজ্ৰখালৰ ৰত্নেশ্বৰ সূত্ৰধাৰৰ পুত্ৰ ধৰেন সূত্ৰধাৰ(২২)থিতাতে নিহত হয়।
প্ৰাপ্ত বাতৰি অনুসৰি এএছ ১৬ এম , ৪৫৭৩ নম্বৰৰ হোণ্ডা মটৰচাইকেলেৰে ধৰেন সূত্ৰধাৰে এজন আৰোহীক লৈ শালটাৰী গাঁৱৰ পৰা বিয়া খাই উভতি আহোতে উক্ত দুৰ্ঘটনা সংঘটিত হয়। তীব্ৰ গতিৰে চলোৱা মটৰচাইকেলখনে ময়নাগুৰী তিনিআলিৰ জিৰণি চৰাত খুন্দা মাৰে।
পৰিণতিত চালকৰ আসনত থকা ধৰেন সূত্ৰধাৰ থিতাতে নিহত হয়। আনহাতে মটৰচাইকেল আৰোহী ভৰত সূত্ৰধাৰ (২২, দেৱৰগাঁও অনুজুলি) দৈব্যক্ৰমে ৰক্ষা পৰে। ইপিনে আজি পুৱা প্ৰায় ৮:১০ বজাত আন এক পথ দুৰ্ঘটনাত ফকিৰাগ্ৰাম থানাৰ অন্তৰ্গত চোকাপাৰা, শক্তিআশ্ৰম নিৱাসী আব্দুল জব্বৰৰ পুত্ৰ কালাম আকন্দ(২২) গুৰুতৰভাৱে আহত হয়।
কালাম আকন্দে শক্তিআশ্ৰমৰ পৰা ফকিৰাগ্ৰাম অভিমুখে মটৰচাইকেলেৰে (নং এএছ ১৬ এল, ৯৩৮১) আহি থাকোতে মোনাকোচা তিনি আলীত এখন মহিন্দ্ৰা পিকআপ ভেনে (নং এএছ ১৬ চি, ৫৬৬২) কালাম আকন্দক খুন্দা মাৰে।
পৰিণতিতত তেওঁ গুৰুতৰভাৱে আহত হয়। দুৰ্ঘটনা সংঘটিত কৰিয়ে মহিন্দ্ৰা পিকআপ ভেনৰ চালকজন পলাই যায় । ইপিনে গুৰুতৰভাৱে আহত কালামক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।