ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত মহিলা, আন এজনৰ অৱস্থা সংকটজনক...

ওদালগুৰিত ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত মহিলা, আন এজনৰ অৱস্থা সংকটজনক...

author-image
Asomiya Pratidin
New Update
ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত মহিলা, আন এজনৰ অৱস্থা সংকটজনক...

ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত মহিলা, আন এজনৰ অৱস্থা সংকটজনক...

ডিজিটেল সংবাদ ওদালগুৰিঃ মঙ্গলবাৰে সন্ধিয়া প্ৰায় ৬ বজাত ওদালগুৰি চহৰৰ সদৰ আৰক্ষী থানাৰ অন্তৰ্গত ৫ নম্বৰ ৱাৰ্ডৰ শংকৰ নগৰত সংঘটিত হয় এক ভয়ংকৰ মটৰ চাইকেল দুৰ্ঘটনা। দুৰ্ঘটনাটোত থিতাতে এগৰাকী মহিলা নিহত হোৱাৰ লগতে এজন লোক গুৰুতৰভাৱে আহত হয়।

নিহত মহিলাগৰাকী মাজবাটৰ বিবাৰী নাৰ্জাৰী বুলি জানিব পৰা গৈছে আনহাতে গুৰুত্বৰভাৱে আহত লোকজনক সঞ্জয় নাৰ্জাৰী(৩৭) বুলি জানিব পৰা গৈছে। প্ৰত্যক্ষদৰ্শীৰ ভাষ্য অনুসৰি, এএছ১৩-এন৯৭৩১ নম্বৰৰ এখন ক্ৰেন বৰ্ণগাওঁ অভিমুখে গৈ থকা অৱস্থাত বিপৰীত দিশৰ পৰা আহি থকা এএছ১২-ভি৮৯৪৭ নম্বৰৰ মটৰ চাইকেলে নিয়ন্ত্ৰন হেৰুৱাই ক্ৰেনখনৰ তলত সোমাই পৰে।

ফলত মটৰ চাইকেলখনত থকা মহিলা আৰোহীগৰাকী মটৰ চাইকেলসহ ক্ৰেনৰ চকাৰ তলত সোমাই পৰাৰ লগতে মটৰ চাইকেলৰ চালকজন ছিটিকি পৰে। ফলত থিতাতে নিহত হয় বিবাৰী নাৰ্জাৰী নামৰ মহিলাগৰাকী।

আনহাতে গুৰুতৰভাৱে আহত সঞ্জয় নাৰ্জাৰীক সংকটজনক অৱস্থাত ওদালগুৰি অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে যদিও আঘাত অতি গুৰুতৰ হোৱা বাবে চিকিৎসকে তেওঁক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে।

জানিব পৰা মতে নিহত মাজবাটৰ মহিলাগৰাকী ওদালগুৰি সদৰস্থিত নিজ কন্যাৰ কোঠালৈ বুলি আহিছিল। এই ঘটনাৰ পাছতে অঞ্চলটোত শোকৰ ছাঁ পৰে। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ নিহত মহিলাগৰাকীৰ মৃতদেহটো ওদালগুৰি অসামৰিক চিকিৎসালয়লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

Also Read: পশ্চিম বৰক্ষেত্ৰী আদৰ্শ বহুমুখী সমবায়ত “সমবায় সপ্তাহ" উদযাপন...

পথ দুৰ্ঘটনা