চিৰাঙৰ কাজলগাঁৱত ৱাকফ সংশোধনী আইন বাতিলৰ দাবীত আৰ এম চিৰ উত্তাল প্ৰতিবাদ

ৱাকফ সংশোধনী আইন বাতিলৰ দাবীত আজি চিৰাং জিলাৰ সদৰ কাজলগাঁৱত বিটিআৰ ধৰ্মীয় সংখ্যালঘু পৰিষদ চমুকৈ আৰ এম চিয়ে দুঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ন কৰে।

author-image
Tushar Pratim
New Update
চিৰাঙৰ কাজলগাঁৱত ৱাকফ সংশোধনী আইন বাতিলৰ দাবীত আৰ এম চিৰ উত্তাল প্ৰতিবাদ

ডিজিটেল সংবাদ, চিৰাংঃ ৱাকফ সংশোধনী আইন বাতিলৰ দাবীত আজি চিৰাং জিলাৰ সদৰ কাজলগাঁৱত বিটিআৰ ধৰ্মীয় সংখ্যালঘু পৰিষদ চমুকৈ আৰ এম চিয়ে দুঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ন কৰে। কাজলগাঁৱৰ জিলা উপায়ুক্ত কাৰ্যালয় সন্মুখত বহুচৰ্চিত ৱাকফ সংশোধনী আইন বাতিলৰ দাবীত সংগঠনটোৱে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

Advertisment

জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা আৰ এম চিৰ কেইবা শতাধিক প্ৰতিবাদকাৰীয়ে মুছলমানৰ ওপৰত এক পক্ষীয় ভাবে জাপি দিয়া ৱাকফ সংশোধনী আইন বাতিল কৰক, বিজেপি চৰকাৰ হায় হায়, বিজেপি চৰকাৰ গ'বেক, ৱাকফ সংশোধনী আইন নেমানো, নো জাষ্টিচ নো ৰেষ্ট আদি বিভিন্ন শ্লোগানেৰে বিজেপি চৰকাৰৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্থ কৰে।

আজিৰ অৱস্থান ধর্মঘট কাৰ্য্যসূচীত অংশগ্ৰহণ কৰি আৰএমচিৰ কেন্দ্ৰীয় সভাপতি আব্দুল আৱাল মণ্ডলে সংবাদ মাধ্যমৰ আগত কয় যে কেন্দ্ৰীয় চৰকাৰে অতিশীঘ্ৰেই যদি ৱাকফ সংশোধনী আইন বাতিল নকৰে তেনেহ'লে সমগ্ৰ দেশৰ লগতে অসমতো এই ৱাকফ সংশোধনী আইন বাতিল কৰাৰ দাবীত গণতান্ত্ৰিক ভাৱে তীব্ৰ আন্দোলন গঢ়ি তোলা হ'ব বুলি হুংকাৰ প্ৰদান কৰে আৰু এই গণতান্ত্ৰিক আন্দোলনৰ সময়ছোৱাত যদি কোনো আইন শৃংখলাজনিত পৰিৱেশৰ সৃষ্টি হয় তেনেহলে ইয়াৰ বাবে সম্পূৰ্ণ জগৰীয়া হ'ব বিজেপি নেতৃত্বাধীন চৰকাৰখন। 

কাৰণ বিজেপি নেতৃত্বাধীন চৰকাৰখনে মুছলমানসকলৰ সাংবিধানিক অধিকাৰ কাঢ়ি লৈ এটাৰ পিছত এটা আইন জাপি দি আছে। দেশৰ মুছলমান সমাজক বিভিন্ন আচিলাৰে দমনমূলক নীতিৰে দবাই ৰখাৰ এক প্ৰচেষ্টা চলোৱা আমি লক্ষ্য কৰি আছো ।

বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ এই মুছলমান বিৰোধী বন্ধ কৰাৰ কাৰণে আহ্বান জনায় অন্যথাই ইতিহাসে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কেতিয়াও ক্ষমা নকৰিব বুলি সকিয়নী প্ৰদান কৰে সংগঠনটোৰ সভাপতি আব্দুল আৱাল মণ্ডলে । আজিৰ অৱস্থান ধৰ্মঘটৰ অন্তত আৰএমচি ফালৰ পৰা জিলা আয়ুক্তৰ জৰিয়তে দেশৰ ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰী লৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰে।

ৱাকফ সংশোধনী বিধেয়ক ৱাকফ চিৰাং প্ৰতিবাদ